নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘সীমান্তৰ পৰিস্থিতি সুস্থিৰ, নিয়ন্ত্রণাধীন’

নিয়মীয়া বাৰ্তা, ২৮ মেঃ পূব লাডাখ সীমান্তত চুবুৰীয়া ৰাষ্ট্র চীনৰ সেনাৰ সৈতে ভাৰতীয় জোৱানৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে আজি সুৰ সলনি কৰি বেইজিং প্রশাসনে ঘোষণা কৰিছে যে উভয় দেশৰ সীমান্তৰ পৰিস্থিতি সুস্থিৰ তথা নিয়ন্ত্রণাধীন হৈ আছে৷ পূব লাডাখত প্রকৃত নিয়ন্ত্রণ ৰেখাৰ (এল এ চি) সমীপলৈ বিমান ঘাটি সম্প্রসাৰণ কৰাৰ লগতে কেইবাখনো যুদ্ধবিমান মোতায়েন কৰা চীনৰ সামৰিক তৎপৰতাৰ গোপন কার্যসূচী উপগ্রহ ছবিয়ে পোহৰলৈ অনাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছিল প্রতিক্রিয়া৷

আনকি ক’ৰোনা ভাইৰাছ মহামাৰীৰ আতংকৰ মাজতেই চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে দেশখনৰ সেনাক যুদ্ধৰ প্রস্তুতি চলাবলৈ আহ্বান জনাইছিল৷ যিকোনো সময়তে যুদ্ধৰ বাবে ৰঙা চীনৰ সেনাক সাজু হৈ থাকিবলৈ জিনপিঙে আহ্বান জনোৱাৰ লগে লগে কেইবাখনো দেশত বিষয়টোক লৈ ব্যাপক চর্চা চলিছিল৷ ইফালে সীমান্তৰ উত্তেজনাৰ মাজতে চীফ অৱ ডিফেন্স ষ্টাফৰ মুৰব্বী বিপিন ৰাৱাট আৰু নিৰাপত্তা উপদেষ্টা অজিত ডোভালসহ তিনিওটা বাহিনীৰ মুৰব্বীৰ সৈতে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পৰিস্থিতিৰ পর্যালোচনা কৰি প্রতিৱেশী দেশখনৰ সৈতে বিবাদ তুংগত উঠাৰ কথা একপ্রকাৰ স্পষ্ট কৰি দিছিল৷ মাত্র এদিন পাছতে বেইজিং প্রশাসনে চীন–ভাৰতৰ সীমান্তৰ পৰিস্থিতি সুস্থিৰ আৰু নিয়ন্ত্রণাধীন বুলি ঘোষণা কৰা বিষয়টোৱে বিশেষ তাৎপর্য কঢ়িয়াইছে৷

লক্ষণীয়ভাৱে চীনা বিদেশ মন্ত্রালয়ৰ মুখপাত্র ঝাও লিজিয়াঙে ভাৰত আৰু বেইজিঙৰ মাজত দ্বিপাক্ষিক আলোচনা কূটনৈতিক তথা সামৰিক পর্যায়ত চলি থকা বুলিও ঘোষণা কৰিছে৷ ইফালে ভাৰতত থকা চীনা কূটনীতিক ছান ৱেইডঙে আজি উভয় দেশৰ সীমান্তৰ পৰিস্থিতি সুস্থিৰ থকা বুলি উল্লেখ কৰি এইবুলিও মন্তব্য কৰে যে ড্রেগন আৰু হাতীয়ে একেলগে নৃত্য কৰে, এয়াই ভাৰত–চীনৰ একমাত্র পছন্দ৷ ২০১৭ চনত ছিকিম সীমান্তৰ ডোকলামত দুয়োখন দেশৰ বাহিনীৰ মাজত সৃষ্টি হোৱা উত্তেজনাই কঢ়িয়াই আনিছিল যুদ্ধৰ আশংকা৷

কিন্তু আলোচনাৰ মাজেৰে এই উত্তেজনাৰ অৱসান ঘটোৱা হৈছিল৷ শেহতীয়াকৈ ভাৰত–চীনৰ মাজত সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ঘোষণা কৰিছে যে উভয় দেশৰ সীমা বিবাদ সমাধানৰ ক্ষেত্রত মধ্যস্থতাকাৰীৰ ভূমিকা ল’বলৈ আমেৰিকা সাজু আছে৷ মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে চীন–ভাৰতৰ সীমা সমস্যা সমাধানৰ ক্ষেত্রত মধ্যস্থতাকাৰীৰ ভূমিকা ল’বলৈ আগ্রহী বুলি ছ’চিয়েল মিডিয়া টুইটাৰযোগে ঘোষণা কৰাৰ লগে লগে বিষয়টোৱে সংবাদ মাধ্যমত চর্চা লাভ কৰিছে৷ স্মর্তব্য যে কাশ্মীৰ বিষয়ক লৈ পাকিস্তান আৰু ভাৰতৰ মাজৰ আলোচনাত মধ্যস্থতাকাৰীৰ ভূমিকা ল’বলৈ পূর্বে আগ্রহ প্রকাশ কৰিছিল আমেৰিকাৰ ৰাষ্ট্রপতিগৰাকীয়ে৷

You might also like