৩০ জুনলৈ ৰাজ্যত অব্যাহত থাকিব লকডাউন
নিয়মীয়া বাৰ্তা, ২৯ মেঃ ৰাজ্যত লকডাউন ৩০ জুন পর্যন্ত অব্যাহত থাকিব৷ ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ – কামৰূপৰ জিলা সদৰ আমিনগাঁৱৰ উপায়ুক্ত কার্যালয়ত ৰাজ্যৰ আইন আৰু সংসদীয় পৰিক্রমা আৰু গুৱাহাটী উন্নয়ন প্রাধিকৰণ বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে৷
লকডাউনৰ বাবে ক্ষতিগ্রস্ত ৰাজ্যৰ অর্থনৈতিক অৱস্থাৰ প্রতি লক্ষ্য ৰাখি অনেক ক্ষেত্রত শিথিল কৰি ৩০ জুন পর্যন্ত লকডাউন প্রযোজ্য থাকিব বুলি মন্ত্রীগৰাকীয়ে সদৰী কৰে৷ মন্ত্রী ভট্টাচার্যই কামৰূপ জিলাৰ উপায়ুক্ত কার্যালয়ৰ সন্মুখতে নির্মাণ কৰা ক’ৰোনা স্ক্রীনিং চেণ্টাৰটোও পৰিদর্শন কৰে৷ ক’ৰোনা স্ক্রীনিং চেণ্টাৰটো পৰিদর্শন কৰাৰ লগতে ক’ৰোনা সন্দর্ভত জিলা প্রশাসনৰ বিষয়ববীয়াসকলৰ লগত এক পর্যালোচনা সভাতো মন্ত্রীগৰাকীয়ে অংশগ্রহণ কৰে৷
কামৰূপ জিলাৰ দায়িত্বত থকা মন্ত্রীগৰাকীয়ে জিলাখনৰ প্রতিটো বিভাগৰ বিষয়া–কর্মচাৰীসক ক’ৰোনাৰ লগত যুদ্ধ কৰাৰ সমান্তৰালভাৱে বাৰিষা হ’ব পৰা সম্ভাব্য বিপদৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে কাম কৰা প্রতিগৰাকী বিষয়া–কর্মচাৰীকো এই পর্যালোচনা সভাত ধন্যবাদ জ্ঞাপন কৰে মন্ত্রীগৰাকীয়ে৷ ৰাজ্যৰ বান আৰু গৰাখহনীয়া সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ অসম চৰকাৰ সম্পূর্ণ সাজু বুলিও মন্ত্রীগৰাকীয়ে প্রকাশ কৰে সংবাদ মাধ্যমৰ সন্মুখত৷ এই পর্যালোচনা সভাখনত উপায়ুক্ত কৈলাস কার্থিক, আৰক্ষী অধীক্ষক পার্থ সাৰথি মহন্ত, জিলা উন্নয়ন আয়ুক্ত টংকেশ্বৰ দাস, জিলা প্রকল্প অভিকৰণ বিষয়া জুৰি দলৈ, অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰায়চৌধুৰীসহ প্রতিটো বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।