নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ভূমিত অৰুণাচলৰ আগ্রাসন: ৰূপহী ৰাজগড়ত গেট স্থাপন কৰি অসমীয়াৰ প্রৱেশত বাধা

নিয়মীয়া বার্তা, ২ জুনঃ  লখিমপুৰ জিলাৰ পথালিপাম বন খণ্ডৰ দুলুং বনাঞ্চলত অৰুণাচল সীমান্তৱর্তী ঝিলি নদীৰ সীমাৰ পৰা প্রায় পাঁচ কিলোমিটাৰ আগুৱাই আহি ৰূপহী–ৰাজগডৰ সমীপত অৰুণাচলীয়ে গেট স্থাপন কৰাক কেন্দ্র কৰি সীমান্তবাসী আতংকিত হৈ পৰিছে৷ অসম–ৰুণাচল প্রদেশৰ প্রকৃত সীমাৰ পৰা পাঁচ কিলোমিটাৰ আগুৱাই আহি আগ্রাসী মনোভাৱেৰে অৰুণাচলৰ কামলে জিলা প্রশাসন তথা স্থানীয় বাসিন্দাই অসমৰ কোনো লোক যাতে অসম–ৰুণাচলৰ সীমাৰ দিশে যাব নোৱাৰে তাৰ বাবে অসমৰ ভূমিতে গেট স্থাপন কৰি দিনে–নিশাই পহৰাৰ ব্যৱস্থা কৰিছে৷

দুলুং সংৰক্ষিত বনাঞ্চলৰ ভূমি নিজৰ বুলি দাবী কৰা অৰুণাচলীৰ আগ্রাসনত সন্ত্রস্ত হৈ বর্তমানেও ৰূপহী–ৰাজগডৰ স্থানীয় জনসাধাৰণে বিনিদ্র ৰজনী কটাই আহিছে৷ আনকি স্থানীয় লোকক অৰুণাচলীয়ে বিভিন্ন ভয়–ভাবুকি দিয়াৰ কথা নতুন নহয়৷

প্রাপ্ত তথ্য অনুসৰি, এই বিবদমান এলেকাক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকাক কেন্দ্র কৰি দুয়োখন ৰাজ্যৰ ৰাইজৰ মাজত স্থিতাৱস্থা বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ সময়তে অসমৰ ভূমিত অৰুণাচলীয়ে ক’ৰোনা ভাইৰাছৰ আতংকৰ গইনা লৈ গেট দিয়াৰ তীব্র বিৰোধিতা কৰিছে ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, গোর্খা ছাত্র সন্থাকে ধৰি বিভিন্ন দল–সংগঠনে৷ অসমৰ ভূমিত লখিমপুৰ জিলা প্রশাসন, বন বিভাগৰ নিষ্ক্রিয়তাৰ সুযোগ লৈ গেট স্থাপন কৰি সীমান্তত উত্তেজনা বিয়পোৱাৰ চেষ্টা কৰা তথা অসমৰ ভূমিত আগ্রাসনৰ সুযোগ লোৱা বিষয়টোত সংগঠনসমূহে প্রতিক্রিয়া প্রকাশ কৰি শীঘ্রে গেট ভাঙি পেলাবলৈ সকীয়াই দিছে৷

You might also like