কিয় ৰাজহুৱা কৰা হয় ক’ৰোনা আক্ৰান্ত লোকজনৰ নাম?
নিয়মীয়া বাৰ্তা, ২জুনঃ ক’ৰোনা আক্ৰান্ত ৰোগীজনৰ নাম ৰাজহুৱা কৰাৰ সন্দৰ্ভত বহুজনে বিতৰ্কৰ সৃষ্টি কৰি আহিছে। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ক’ৰোনা আক্ৰান্ত ৰোগীজনৰ নাম ৰাজহুৱা কৰিলে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকল সজাগ হ’ব পাৰে। আক্ৰান্ত লোকজনৰ ওচৰলৈ অহা বা সংস্পৰ্শলৈ অহা সকলে হাস্পতাললৈ গৈ নিজকে পৰীক্ষাৰ বাবে ক’ব পাৰে।
নাম ৰাজহুৱা কৰিলে সামাজিক সংক্ৰমণ ৰোধ কৰিব পাৰি। এই ৰোগ ইমানো ভয়াৱহ নহয়। ১৪ দিন কোৱাৰেণ্টাইনৰ পাছত আক্ৰান্ত লোকজন বেছিহে শক্তিশালী হয়। গতিকে নাম ৰাজহুৱা কৰা নকৰাক লৈ কোনোধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰাৰ যুক্তি নাাই বুলি মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।