নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ ‘কা’বিৰোধী সংঘর্ষ: অসম জীয়ৰী দেৱাংগনাক মূল অভিযুক্ত ৰূপে চার্জশ্বীট দাখিল

নিয়মীয়া বাৰ্তা, ৩ জুনঃ দিল্লীৰ শেহতীয়া সাম্প্রদায়িক সংঘর্ষৰ সূত্রপাত কৰিছিল অসম তনয়া দেৱাংগনা কলিতা৷ এনে এক চাঞ্চল্যকৰ অভিযোগেৰে উত্তৰ–পূব দিল্লীৰ সাম্প্রদায়িক সংঘর্ষৰ মূল অভিযুক্ত হিচাপে চিহ্ণিত কৰি দেৱাংগনাৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে মঙলবাৰে অভিযোগনামা দাখিল কৰিছে৷

লক্ষণীয়ভাৱে দেৱাংগনাকে ধৰি মুঠ ১২জন লোকৰ নাম সন্নিৱিষ্ট কৰি দিল্লী আৰক্ষীয়ে মঙলবাৰে কৰকৰডুমা আদালতত অভিযোগনামা দাখিল কৰে৷ দিল্লী আৰক্ষীৰ অভিযোগনামা অনুসৰি জাফৰাবাদ মেড্র’ ষ্টেচনৰ সমীপত যি সাম্প্রদায়িক সংঘর্ষ হৈছিল, সেই সংঘর্ষৰ সূত্রপাত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল গৱেষক ছাত্রীগৰাকীয়ে৷

লক্ষণীয়ভাৱে ১২জন অভিযুক্তৰ ভিতৰত জে এন ইউৰ বিতর্কিত ছাত্রনেতা উমৰ খালিদৰ নামো অন্তর্ভুক্ত কৰিছে দিল্লী আৰক্ষীয়ে৷ এটা হোৱাটছএপ গ্রুপত হোৱা কথোকপথনৰ ভিত্তিত আৰক্ষীয়ে দেৱাংগনাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ মন কৰিবলগীয়া যে দেৱাংগনাৰ বিৰুদ্ধে আৰক্ষীয়ে কেইবাটাও গোচৰ ৰজু কৰিছে৷ ইয়াৰ মাজত এটা গোচৰত দেৱাংগনাই মঙলবাৰে তিছহাজাৰী আদালতৰ পৰা জামিন লাভ কৰিবলৈ সক্ষম হয়৷

লক্ষণীয়ভাৱে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে মাত মাতি কেন্দ্রৰ বিজেপি চৰকাৰৰ ৰোষত পৰা দেৱাংগনা কলিতাৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে ভুৱা অভিযোগেৰে গ্রেপ্তাৰ কৰা বুলি বিভিন্ন দল–সংগঠনে শেহতীয়াকৈ তীব্র প্রতিবাদ সাব্যস্ত কৰিছে৷ উল্লেখ্য যে মাত্র দহ দিনৰ ভিতৰত দিল্লী আৰক্ষীয়ে কালি দেৱাংগনাক তৃতীয়বাৰৰ বাবে গ্রেপ্তাৰ কৰিছিল৷

You might also like