শক্তিপীঠ কামাখ্যাত নিটাল–নিস্তব্ধ পৰিৱেশ: প্রথমবাৰ ভক্ত অবিহনে অনুষ্ঠিত হ’ব পূজা
নিয়মীয়া বাৰ্তা, ৩ জুনঃ প্রতিবছৰৰ দৰে এইেবলিও অহা ২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা৷ কিন্তু পূবৰ দৰেকৈ নহয়, এইবাৰ পৰম্পৰা ৰক্ষাৰ স্বার্থত নিয়মমাফিক হ’ব পূজা৷
যুগ যুগ ধৰি চলি অহা এই অম্বুবাচী মেলাত এইবাৰ নাহে কোনো ভক্ত৷ অর্থাৎ ভক্তশূন্যভাৱে প্রথম্বাৰলৈ অনুষ্ঠিত হ’ব মেলা৷ সেয়ে এইবাৰ শক্তিপীঠত নাই কোনোধৰণৰ অম্বুবাচী মেলা আয়োজনৰ প্রস্তুতি৷
উল্লেখ্য যে লকডাউনৰ পৰাই শক্তিপীঠত ভক্তৰ বাবে বন্ধ হৈ আছে দুৱাৰ, দোকান–পোহাৰ আদি৷ নিতৌ লাখ লাখ ভক্তৰ সমাগম ঘটা নীলাচলৰ চৌহদত এতিয়া বিৰাজ কৰিছে নীৰৱতা৷ পূজাৰী–পাণ্ডাসকলৰো নাই কোনোধৰণৰ স্ততা৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আশংকাত সাধু–সন্ন্যাসীয়ে ঘৰতে কৰিছে তপ–জপ৷ দেশ তথা ৰাজ্যবাসী, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা–মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ কুশল কামনাৰে মাৰ ওচৰত প্রার্থনা কৰিছে সাধু–সন্ন্যাসীয়ে৷
উল্লেখযোগ্য যে অসমৰ ইতিহাসত শক্তিপীঠত প্রথম্বাৰৰ বাবে দেখা গৈছে নিমাওমাও পৰিৱেশ৷ স্বাভাৱিকতে দেশ–িবদেশৰ ভক্তৰে ভৰি থকা শক্তিপীঠৰ ভিতৰে–বাহিৰে নাই কাৰোৰে স্ততা৷ মন্দিৰৰ চৌহদৰ পৰা আঁতৰি গৈছে মগনীয়াসকলো৷ সেয়েহে শক্তিপীঠত এনে পৰিৱেশ পূর্বতে কাহানিও দেখা নাই লি মন্ত্ব্য কৰিছে কামাখ্যাবাসীয়ে৷ অহা ৮ জুনৰ পৰা সকলো ধর্মীয় অনুষ্ঠান খুল্বি পাৰ্বি লি ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ পিছতে একমাত্র ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ ােব অহা ৩০ জুনলৈ কামাখ্যাত ভক্তৰ আগমন নিষিদ্ধ কৰিছে কামাখ্যা দেৱালয় সমাজে৷ অর্থাৎ ৩০ জুনলৈ ভক্তৰ বা্ধ কামাখ্যা মন্দিৰৰ দুৱাৰ৷