নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ জুই

আমেৰিকা জ্বলিছে৷ ড’নাল্ড ট্রাম্প হোৱাইট হাউছত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা মহাক্রমী দেশখনত বৃদ্ধি পাইছে বর্ণ–বিদ্বেষৰ ঘটনা৷ ৰাষ্ট্রপতি ট্রাম্পৰ আচৰণৰ প্রতিফলন ঘটিছে প্রশাসনত৷ আৰক্ষী প্রশাসনৰ হিংস্রতা আৰু ঘৃণাৰ বলি হৈছে নিৰীহ প্রজা৷ মিনেছটা প্রদেশৰ মিনিয়াপলিছ চহৰত আৰক্ষীয়ে নিষ্ঠুৰতা তথা পাশৱিকতাৰ চূড়ান্ত নিদর্শন দাঙি ধৰি নৃশংসতাৰে হত্যা কৰিছে জর্জ ফ্লয়ড নামৰ এজন ৪৬ বছৰীয়া কৃষ্ণাংগ নাগৰিকক৷ আফ্রিকান বংশোদ্ভৱ ফ্লয়ডক শ্বেতাংগ আৰক্ষী বিষয়াই আঁঠুৰে ডিঙিত হেঁচি হত্যা কৰা ঘটনাৰ ভিডি’ মুকলি হোৱাৰ পাছতে আমেৰিকাৰ প্রতিখন চহৰ বিক্ষোভত জ্বলিছে৷ আনকি বিক্ষোভৰ এই জুইৰ উত্তাপ লাগিছে হোৱাইট হাউছতো৷ দেশবাসীৰ এনে ক্ষোভৰ বাবে ৰাষ্ট্রপতি ট্রাম্পে আত্মগোপন কৰিব লগা হ’ল৷ ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ বাবে আৰোপ কৰি থোৱা নিষেধাজ্ঞা উলংঘা কৰি আমেৰিকাৰ জনসাধাৰণে যি নজিৰবিহীন বিক্ষোভ সংগঠিত কৰিলে তাৰ দ্বাৰা সমগ্র পৃথিৱী আলোড়িত হৈছে৷ নিৰীহ আফ্রিকান মূলৰ আমেৰিকান নাগৰিকৰ ওপৰত আৰক্ষীৰ এয়াই প্রথমটো বর্বৰতাৰ ঘটনা নহয়৷ ইয়াৰ পূর্বেও কৃষ্ণাংগ লোকৰ ওপৰত শ্বেতাংগ আৰক্ষী বিষয়াই আক্রমণ চলাইছে৷ আনকি কৃষ্ণাংগ শিশু–কিশোৰো আৰক্ষীৰ আক্রমণৰ পৰা সাৰি যোৱা নাই৷ কিন্তু পূর্বৰ ঘটনাবোৰত মিনিয়াপলিছ হত্যাকাণ্ডক কেন্দ্র কৰি সংগঠিত হোৱা বিক্ষোভ–প্রতিবাদৰ দৰে ক্ষোভৰ দাবানল প্রতিফলিত হোৱা নাছিল৷ এইবাৰ আমেৰিকাৰ জনসাধাৰণে দেখুৱাই দিলে প্রশাসনৰ অন্যায়, হিংস্রতাক কেতিয়াও মানি লোৱা নহ’ব৷ জনসাধাৰণৰ প্রতিবাদী কণ্ঠ কেৱল দমন, আতিশয্যৰ জৰিয়তে স্তব্ধ কৰি দিব বিচৰা আমেৰিকাৰ আৰক্ষীয়ে আঁঠু কাঢ়ি দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিব লগা হৈছে৷ লক্ষণীয়ভাৱে আৰক্ষীৰ পাশৱিক হত্যাকাণ্ডৰ বিৰুদ্ধে দেশৰ সকলো বুদ্ধিজীৱী, সাংস্কৃতিক কর্মী তথা খেলুৱৈসকলে সমস্বৰে প্রতিবাদ সাব্যস্ত কৰিছে৷ আনকি শাসকীয় ৰিপাব্লিকান পার্টীৰ বহু নেতাই এই বর্বৰ হত্যাকাণ্ডক গৰিহণা দিছে৷ সামাজিক সংগঠন, ৰাজনৈতিক দল তথা চৰকাৰী আমোলা বিষয়া কোনো নীৰৱে থকা নাই৷ সেইবাবে এইবাৰ জনতাৰ বিক্ষোভত কঁপিছে হোৱাইট হাউছ৷ এনে বিক্ষোভ কেতিয়াও দেখা নাছিল ড’নাল্ড ট্রাম্পে৷ জনতাৰ এনে মহাবিক্ষোভ দেখি ভয়ত কঁপিছে ৰাষ্ট্রপতি ট্রাম্প৷
প্রশ্ণটো হৈছে, আমেৰিকাত বাৰে বাৰে আফ্রিকা বা এছিয়া মূলৰ লোকসকলক কিয় আক্রমণৰ লক্ষ্য হিচাপে বাছি লোৱা হয়? আজি আমেৰিকাৰ সমৃদ্ধিত এছিয়া–আফ্রিকা মূলৰ লোকসকলৰেই অৱদান বেছি৷ সকলো ক্ষেত্রতে এছিয়া–আফ্রিকা মূলৰ লোকসকলৰ বাবেই আজি পৃথিৱীজুৰি আমেৰিকাই মহাপৰাক্রমী শক্তি হিচাপে প্রভাৱ বিস্তাৰ কৰিব পাৰিছে৷ বিজ্ঞান প্রযুক্তিৰ পৰা আৰম্ভ কৰি প্রতিৰক্ষা, শিল্প–সংস্কৃতি, ক্রীড়ালৈকে সকলোতে আমেৰিকাক শিখৰলৈ নিয়াৰ ক্ষেত্রত এছিয়া–আফ্রিকা মূলৰ নাগৰিকসকলৰেই অৱদান বেছি৷ তথাপি শ্বেতাংগ জাত্যাভিমানীসকলে এই লোকসকলক আমেৰিকাত দ্বিতীয় শ্রেণীৰ নাগৰিকৰ দৰে ব্যৱহাৰ কৰে৷ আনকি দীর্ঘদিন ধৰি বর্ণ–বিদ্বেষৰ জুইকুৰা আমেৰিকাত উমি উমি জ্বলিয়েই আছে৷ কৃষ্ণাংগ লোকসকলৰ প্রতি বিদ্বেষ সজীৱ হৈ থকাৰ মূলতে আছে আমেৰিকান শাসক গোষ্ঠী৷ বিভিন্ন সময়ত কৃষ্ণাংগ লোকসকলৰ ওপৰত পাশৱিক আক্রমণ সংঘটিত হৈ আহিছে যদিও এইক্ষেত্রত চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ বিভিন্ন সময়ত নিৰীহ লোকৰ হত্যা কৰিও বিনা বিচাৰে সাৰি গৈছে আৰক্ষী বিষয়া৷ ইয়াৰ উপৰি এছিয়া–আফ্রিকা মূলৰ লোকৰ ওপৰত সংঘটিত গুলীচালনাৰ ঘটনাবোৰত জড়িত লোকক কঠোৰ শাস্তি প্রদানৰ নজিৰ নাই দেশখনত৷ দেশখনত মাৰণাস্ত্র বিক্রী হয় পাইকাৰী হাৰত৷ মাৰণাস্ত্র বিক্রীৰ ক্ষেত্রত কোনোধৰণৰ বাধা–নিষেধ নাই৷ ইয়াৰ ফলত সঘনে হত্যা–লুণ্ঠনৰ ঘটনা হৈয়েই থাকে৷ কেৱল আর্থিক সমৃদ্ধি আমেৰিকাৰ প্রথম চর্ত৷ বাকী সকলো গৌণ৷ ইয়াৰ ফলত আজি এক সামাজিক ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হৈছে আমেৰিকাত৷ কিন্তু এই পৰিস্থিতি সদায় নাথাকে৷ দেশখনত প্রগতিশীল দল–সংগঠনবোৰৰ উত্থান ঘটিছে৷ অন্যায়–বিচাৰৰ বিৰুদ্ধে দেশবাসী জাগ্রত হৈছে৷ শেহতীয়া বিক্ষোভ–প্রতিবাদে তাৰেই ইংগিত বহন কৰিছে৷ আমেৰিকান চৰকাৰৰ চৰিত্র সলনি নহ’লেও দেশখনত ভৱিষ্যতে গণ অভ্যুত্থানৰ সম্ভাৱনা প্রবল৷

You might also like