নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱৰাজ সিঙৰ বিৰুদ্ধে আৰক্ষীক অভিযোগঃ হ’ব পাৰে গ্রেপ্তাৰ; কিন্তু কিয় ?

নিয়মীয়া বাৰ্তা, ৫ জুনঃ ছ’চিয়েল মিডিয়াত বিতর্কিত মন্তব্য আগবঢ়াই বিপদৰ সন্মুখীন হৈছে ভাৰতৰ প্রাক্তন ক্রিকেটাৰ যুৱৰাজ সিং৷ ভাৰতৰ বিশ্বকাপ জয়ৰ অন্যতম নায়ক ষ্টাইলিছ বেটছমেনগৰাকীৰ বিৰুদ্ধে হাৰিয়ানাৰ এটি বিশেষ সম্প্রদায়ক অপমান কৰাৰ অভিযোগ উঠিছে৷

হাৰিয়ানাৰ এগৰাকী দলিত সমাজকর্মী আৰু অধিবক্তাই হিছাৰ জিলাত যুৱৰাজ সিঙৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰিছে৷ হিছাৰ থানাত দাখিল কৰা এই অভিযোগত ব্যক্তিগৰাকীয়ে টীম ইণ্ডিয়াৰ একালৰ তাৰকা বেটছমেনগৰাকীক শীঘ্রে গ্রেপ্তাৰৰ দাবী উত্থাপন কৰিছে৷

উল্লেখ্য যে কিছুদিন পূর্বে ৰোহিত শর্মাৰ সৈতে ইনষ্টাগ্রামত পোনপটীয়া কথোপকথনত যুৱৰাজ সিঙে টীম ইণ্ডিয়াৰ যুৱ অফ স্পীনাৰ য়ুজবেন্দ্র চাহালৰ জাতিক লৈ বিতর্কিত মন্তব্য আগবঢ়াইছিল৷ যুৱৰাজে চাহালৰ প্রসংগ উত্থাপন কৰি ধেমেলীয়া সুৰত মন্তব্য কৰিছিল যদিও তেওঁৰ এই মন্তব্যই হাৰিয়ানাৰ দলিত সম্প্রদায়ক আঘাত হনাৰ অভিযোগ উঠিছে৷

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা যুৱৰাজৰ এই মন্তব্যক ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে গৰিহণা দিয়া দেখা গৈছে৷ বহুতে যুৱৰাজক এই মন্তব্যৰ বাবে ক্ষমা বিচৰাৰ দাবী তুলিছে৷ একেদৰে যুৱৰাজৰ বর্ণবাদী মন্তব্যৰ সময়ত ৰোহিত শর্মা নীৰৱে থকাক লৈও একাংশই প্রশ্ন উত্থাপন কৰিছে৷ ছ’চিয়েল মিডিয়াত অ’পেনাৰগৰাকীকো বহুতে সমালোচনা কৰিছে৷

You might also like