নিয়মীয়া বাৰ্তা ৬ জুন : মহাপুৰুষ মাধৱদেৱৰ ৫৩২ সংখ্যক জন্মজয়ন্তী উৎসৱ আজি সমগ্ৰ ৰাজ্য খনৰ লগতে নগাওঁ জিলাটো পালন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাওঁ জিলা শাখাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক শাখাই মাধৱ দেৱৰ জন্ম জয়ন্তী উৎসৱ উদযাপন কৰে। লকডাউনৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি কেৱল মাত্ৰ ৫ জন ভকত-বৈষ্ণৱেৰে মাধৱদেৱৰ জন্ম জয়ন্তী উৎসৱ পালন কৰে। সংঘৰ নগাওঁ জিলা শাখাৰ উদ্যোগত নগাওঁ চহৰৰ হলধৰ ভূঞা পথত থকা জিলা কার্যলয়ৰ চৌহদত দিন যোৰা কাৰ্যসূচীৰে মাধৱদেৱৰ জন্ম জয়ন্তী উৎসৱ উদযাপন কৰা হয়। পুৱা ধৰ্ম ধ্বজা উত্তোলন কৰে জিলা সভাপতি জ্যোতিপ্ৰসাদ ভূঞাই। জিলা শাখাৰ সম্পাদক তোষেশ্বৰ বৰাই অনুষ্ঠানৰ আঁত ধৰে। দুপৰীয়া নাম প্ৰসংগ অনুষ্ঠিত হয়। সন্ধ্যা ৫৩২ গছি বন্তি প্ৰজ্বলন কৰা হয়। তদুপৰি সংঘৰ প্ৰতিঘৰ ভকতৰ ঘৰৰ চৌহদত বন্তি প্ৰজ্বলন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম-ধৰ্ম সমাজ, অসমৰ নগাওঁ জিলা শাখাৰ উদ্যোগতো মাধৱদেৱৰ জন্ম জয়ন্তী উৎসৱ পালন কৰা হয়। জিলাখনৰ প্ৰতিটো নামঘৰতে সামাজিক দূৰত্ব মানি মাধৱদেৱৰ জন্ম জয়ন্তী পালন কৰে।