নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়াৰ জিম্মাত ক’ভিড–১৯ত আক্রান্ত আইছিছ মহিলা

নিয়মীয়া বাৰ্তা ৮ জুনঃ কুখ্যাত সন্ত্রাসবাদী সংগঠন ইছলামিক ষ্টেটৰ সন্দেহজনক জেহাদী মহিলা এগৰাকী ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ৰ জিম্মাত ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ হিনা বছিৰ বেইগ নামৰ ৩৯ বছৰীয়া মহিলাগৰাকীক দিল্লী আৰক্ষীৰ বিশেষ শাখাই জামিয়া নগৰ অঞ্চলৰ পৰা মার্চ মাহৰ প্রথম সপ্তাহত গ্রেপ্তাৰ কৰিছিল৷ শ্রীনগৰৰ বাসিন্দা বেইগ আৰু তেওঁৰ স্বামী জাহানজেইব ছামিক ইছলামিক ষ্টেটৰ সৈতে জড়িত থকাৰ অভিযোগত ৰাজধানী চহৰখনৰ পৰা গ্রেপ্তাৰ কৰাৰ পিছতেই বিষয়টোক লৈ সৃষ্টি হৈছিল চাঞ্চল্য৷ তেতিয়াৰে পৰা নিয়াই দুয়ো স্বামী–স্ত্রীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখনীয় যে নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে সংগঠিত প্রতিবাদত বেইগ আৰু জাহানজেইবে বিশেষ ধৰণে অৰিহণা যোগোৱাৰ অভিযোগো অনা হৈছে৷ শেহতীয়াকৈ ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ত আক্রান্ত হিনা বছিৰ বেইগক দিল্লীৰ এখন হাস্পতালত ভর্তি কৰোৱা হৈছে৷ নিয়াৰ জিম্মাতে মহিলাগৰাকী ক’ভিড–১৯ত আক্রান্ত হৈছে যদিও তদন্ত সংস্থাটোৱে সবিশেষ তথ্য সদৰী কৰা নাই।

You might also like