নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব অর্থনীতিত এটা দশক ধৰি চলি থাকিব মহাসংকট

নিয়মীয়া বাৰ্তা ৮ জুনঃ বিশ্ব অর্থনীতিৰ বাবে ক’ৰোনা ভাইৰাছ মহামাৰী এক প্রচণ্ড আঘাত৷ শেহতীয়াকৈ বিশ্ব বেংকৰ মুৰব্বী ডেভিদ মালপাছে এই কথা ঘোষণা কৰিছে৷ মালপাছে উল্লেখ কৰা অনুসৰি, কেইবাশ কোটি লোকৰ জীৱিকাৰ সংকট সৃষ্টি কৰিছে এই মহামাৰীয়ে৷ মাৰাত্মক এই মহামাৰীৰ বাবেই এটা দশকলৈ বিশ্ব অর্থনীতিত চলি থাকিব সংকট৷ বিশ্ব বেংকৰ মুৰব্বীগৰাকীয়ে এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰিছে যে মহাসংকটৰ পৰা পৰিত্রাণৰ পথ বিচাৰিব লাগিব বিত্তীয় সংস্থাসমূহে৷ স্মর্তব্য যে মে’ মাহত মালপাছে ক’ৰোনা ভাইৰাছৰ প্রভাৱত ৬০ নিযুততকৈ অধিক লোক ভয়ংকৰ দুর্ভিক্ষৰ কবলত পৰিব বুলি সতর্কবাণী কৰিছে৷ একোজন লোকৰ দৈনিক উপার্জন ১.৯০ ডলাৰৰ কম হ’লে সেই লোকজনক দুর্ভিক্ষ–কবলিত বুলি অভিহিত কৰি আহিছে বিশ্ব বেংকে৷ বিবিচিৰে সাক্ষাৎকাৰত মালপাছে উল্লেখ কৰিছে যে মহামাৰীৰ ফলত পৃথিৱীজুৰি এক বিত্তীয় ভাৰসাম্যহীন পৰিস্থিতিৰ সৃষ্টি হ’ব৷

You might also like