অসম ক’ৰোনাত আক্রান্ত হ’ল এটি ডেৰ বছৰীয়া শিশু By নিয়মীয়া বাৰ্তা On Jun 9, 2020 Share নিয়মীয়া বাৰ্তা, ৯ জুনঃ আমচৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত ডালিমবাৰী গাঁৱৰ নীল সৰকাৰ নামৰ এটি ডেৰ বছৰীয়া শিশুটি ক’ৰোনা ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । শিশুটিক ৮ জুনৰ সন্ধিয়া ১০৮ গাড়ীৰে চিকিৎসাৰ বাবে নগাঁৱলৈ লৈ হৈছে বুলি ডালিমবাৰীৰ গাঁওবুঢ়া বিজয় সৰকাৰৰ পৰা জানিব পৰা গৈছে। উল্লেখ যে শিশুটিৰ পিতৃ জগদীশ সৰকাৰ আৰু মাতৃ ৰূপা সৰকাৰ সপৰিয়ালে মহাৰাষ্ট্রৰ মুম্বাইত কর্মৰত আছিল আৰু অলপতে পৰিয়ালটো আকাশী পথেৰে অসমলৈ উভতি আহিছে । জানিব পৰা মতে, ৰূপা সৰকাৰ গৰ্ভৱতী হৈ থকাৰ বাবে তেওঁলোকক সপৰিয়ালে হোম কোৱাৰেণ্টাইনৰ বাবে ডালিমবাৰীৰ ঘৰলৈ পঠিয়াই দিয়া হৈছিল। গোটেই পৰিয়ালটো মুম্বাইত একেলগে আছিল যদিও কেৱল ডেৰ বছৰীয়া শিশুটিহে ভয়াৱহ ক’ৰোনা ৰোগত আক্ৰান্ত হ’ল। Featured Share