ৰাজ্যত পুনৰ ৬৯ গৰাকী লোকৰ দেহত ক’ৰোনা; আক্ৰান্তৰ সংখ্যা ২৯৩৭ লৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ৯ জুনঃ ৰাজ্যত নতুনকৈ ৬৯ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ১৩ কামৰূপ, ১১ গৰাকী যোৰহাটৰ, ৮ গৰাকী হোজাইৰ, ৫ গৰাকী কৰিমগঞ্জৰ, ৫ গৰাকী ধেমাজিৰ, ৪ লখিমপুৰৰ, ৪ গৰাকী গোলাঘাটৰ, ৩ গৰাকী হাইলাকান্দিৰ, ৩ কামৰূপ গ্ৰাম্য আৰু ১ গৰাকীকৈ ক্ৰমে কাছাৰ, দৰং, শোণিতপুৰ আৰু দক্ষিণ শালমৰাৰ ৷
যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ২৯৩৭ জনলৈ বৃদ্ধি পাইছে । ইপিনে ৰাজ্যত সম্প্ৰতি ২১৪৫ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৭৮৪ গৰাকী লোক ।
আনহাতে বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা – ৫ জন ।
?Alert ~ 69 new #COVID19+
13 Kamrup, 11 Jorhat, 9 Nagaon, 8 Hojai, 5 K’ganj, 5 Dhemaji, 4 L’pur, 4 G’ghat, 3 H’kandi, 3 Kamrup (R), 1 each from Cachar, Darrang, S’pur, S Salmara
↗️Total cases 2937
↗️Recovered 784
↗️Active cases 2145
↗️Deaths 056:35 PM/June 9/Day’s total 102 pic.twitter.com/EINtddO6s0
— Himanta Biswa Sarma (@himantabiswa) June 9, 2020