নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজানৰ তৈলক্ষেত্ৰত অগ্নিকাণ্ডঃ গৃহমন্ত্ৰী অমিত শ্বাহক এই সন্দৰ্ভত অৱগত কৰে মুখ্যমন্ত্ৰী সোণোৱালে

নিয়মীয়া বাৰ্তা, ৯ জুনঃ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী  ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি তিনিচুকীয়াৰ বাঘজানৰ তৈলক্ষেত্ৰত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত সবিশেষ অৱগত কৰে।

লগতে মুখ্যমন্ত্ৰী সোণোৱালে আকাশমাৰ্গেৰে এই জুই নিৰ্বাপিত কৰাৰ আহ্বান জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ।

ইতিমধ্যে উক্ত স্থানত অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু সেনা বাহিনীক নিয়োজিত কৰাৰ লগতে তৎপৰতাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে।

তদুপৰি, বাঘজানৰ ৰাইজক শংকিত নহ’বলৈ মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে আহ্বান জনাইছে। লগতে, এই ঘটনাৰ ফলত যাতে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ কোনোধৰণৰ ক্ষতিসাধন নহয়, তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক তেখেতে নিৰ্দেশ দিয়ে।

You might also like