উত্তৰ গুৱাহাটী GNRCত ৰোগীৰ আত্মহত্যা
নিয়মীয়া বাৰ্তা, ১১জুনঃ উত্তৰ গুৱাহাটী ৰাজহ চক্রৰ অন্তর্গত জি এন আৰ চি চিকিৎসালয়ৰ দ্বিতীয় মহলাৰ পৰা এজন ৰোগীয়ে জঁপিয়াই আত্মাহত্যা কৰে৷ আৰক্ষীৰ সূত্রই প্রকাশ কৰা অনুসৰি জি এন আৰ চি হাস্পতালৰ দ্বিতীয় মহলাৰ আই চি ইউ কক্ষৰ পৰা জঁপিয়াই মহেশ্বৰ বড়োৱে আত্মহত্যা কৰে৷ নিচাসক্তৰ পৰা পৰিত্রাণ পোৱাৰ বাবে চিকিৎস্যালয়খনত ৰোগীগৰাকীক ভর্তি কৰোৱা হৈছিল যদিও সুৰক্ষাৰ অভাৱত ৰোগীয়ে আত্মহত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
উল্লেখ্য যে চিকিৎসালয়খনৰ দ্বিতীয় মহলাৰ পৰা জঁপিওৱাৰ পাছত গুৰুতৰভাৱে আঘাত পাইছিল মহেশ্বৰ বড়োৱে৷ চিকিৎসালয়খনৰ চিকিৎসাকর্মী, অন্যান্য ৰোগী আৰু অভিভাৱকে এই দৃশ্য প্রত্যক্ষ কৰি ততাতৈয়াকৈ তেওঁক পুনৰ চিকিৎসালয়ত ভর্তি কৰে যদিও মৃত্যু হয়৷ মহেশ্বৰ বড়োৰ ঘৰ চাংসাৰিৰ ওচৰৰ ভিতৰখোলা গাঁৱত৷ এই চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনাই উত্তৰ গুৱাহাটী জি এন আৰ চি হাস্পতালৰ নিৰপত্তাৰ ফোঁপোলা স্বৰূপ উদঙাই তুলিছে বুলিও একাংশ লোকে তীব্র ক্ষোভ প্রকাশ কৰিছে৷
দ্বিতীয় মহলাৰ আই চি ইউ কক্ষৰ পৰা কেনেদৰে ৰোগীগৰাকী বাহিৰ ওলাই জঁপিয়াবলৈ সক্ষম হ’ল বুলিও প্রশ্ন উত্থাপন কৰিছে স্থানীয় লোকসকলে৷ ইফালে, চিকিৎসালয়খনত থকা খিৰিকীৰ দুর্বল গ্রিলৰ বাবে এই চাঞ্চল্যকৰ আত্মহত্যা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে ৷ আনহাতে, নিচাযুক্ত দ্রব্য ত্যাগ কৰাৰ বাবে ভর্তি কৰা ৰোগীগৰাকীক কিহৰ বাবে সুৰক্ষা প্রদান কৰা হোৱা নাছিল তাক লৈ সৃষ্টি হৈছে ৰহস্য৷ সমগ্র ঘটনা সন্দর্ভত উত্তৰ গুৱাহাটী আৰক্ষী চকীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।