নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্ট ক্রিকেটত প্রযোজ্য হ’ব নতুন নিয়ম

নিয়মীয়া বাৰ্তা, ১১ জুনঃমহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে ক্রিকেটত বহুখিনি সালসলনি কৰাৰ আৱশ্যকতা আহি পৰিছে৷ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিয়ে পুনৰ আৰম্ভ হ’বলগীয়া ক্রিকেট প্রতিযোগিতাসমূহত সালসলনিৰ নিয়মসমূহত সন্মতি জনাইছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ভয়ৰ প্রতি লক্ষ্য ৰাখি আইচিচিয়ে বলৰ উজ্জ্বলতা বৃদ্ধিত থু অথবা ঘাম ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে আন্তঃৰাষ্ট্রীয় মেচত ঘৰুৱা আম্পায়াৰক নিযুক্তি দিয়াত সেউজ সংকেত দিয়ে৷ আনহাতে, মেচৰ সময়ছোৱাত কোনো খেলুৱৈ যদি ক’ভিড–১৯ত আক্রান্ত হোৱাৰ লক্ষণ দেখা দিয়ে তেতিয়াহ’লে উক্ত খেলুৱৈগৰাকীৰ স্থানত পৰিৱর্ত খেলুৱৈক ব্যৱহাৰ কৰাৰো অনুমতি প্রদান কৰে৷ অৱশ্যে এই নিয়মসমূহ এদিনীয়া অথবা টি–২০ ক্রিকেটত প্রযোজ্য নহয়৷ কেৱল টেষ্ট ক্রিকেটতহে নতুন নিয়মসমূহ প্রযোজ্য কৰাৰ অনুমতি প্রদান কৰে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে৷ ইপিনে, টেষ্ট ক্রিকেটৰ সময়ছোৱাত বলাৰে বলৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে যদি থু অথবা ঘাম ব্যৱহাৰ কৰে, তেতিয়া হ’লে আম্পায়াৰে বলাৰগৰাকীক দুবাৰকৈ সকীয়নি দিব৷ আম্পায়াৰৰ সকীয়নি অমান্য কৰি যদি বলাৰগৰাকীয়ে পুনৰ থু অথবা ঘাম ব্যৱহাৰ কৰে তেতিয়াহ’লে বিপক্ষ দলটোৱে অতিৰিক্তভাৱে পাঁচ ৰান লাভ কৰিব৷

You might also like