অসম কঠোৰ পৰিশ্ৰম আৰু অদম্য মনোবলৰ জৰিয়তে সমাজলৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰিঃ মুখ্যমন্ত্ৰী সোণোৱাল By নিয়মীয়া বাৰ্তা On Jun 11, 2020 Share নিয়মীয়া বাৰ্তা, ১১জুনঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শোণিতপুৰৰ ‘ভৰলী পৰীয়া কন্যকা বহুমুখী পাম’ত উপস্থিত হৈ পামখন পৰিদৰ্শন কৰে। লগতে মুখ্যমন্ত্ৰীয়ে ১০ টা স্থানীয় আত্মসহায়ক গোটৰ মাজত পামখনত উৎপাদিত মাছৰ পোনা বিতৰণ কৰাৰ লগতে ‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ অধীনত এটা আত্মসহায়ক গোটক এখন ট্ৰেক্টৰ প্ৰদান কৰে। তদুপৰি, তেখেতে এটা গোশালা আৰু দুটা জলসিঞ্চন প্ৰকল্পও উদ্বোধন কৰে। আনহাতে আজিয়েই শোণিতপুৰ জিলাৰ জামুগুৰিহাটত “ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা প্ৰকল্প”ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী সোণোৱালে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত নদুৱাৰ উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়তৰ নৱনিৰ্মিত কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে। আজিৰ এই ভ্ৰমণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিয়ে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী নৱকুমাৰ দলে । CM Sarbananda SonowalFeatured Share