চিৰাঙত গাঁৱে-গাঁৱে পূৰ্ণোদ্যমে চলিছে স্বাস্থ্য পৰীক্ষা
নিয়মীয়া বাৰ্তা, ১১ জুন: চিৰাং জিলা স্বাস্থ্য বিভাগে জিলাখনত কোভিড-১৯ ভাইৰাছৰ গণ সংক্ৰমন প্ৰতিৰোধত অধিক গুৰুত্ব প্ৰদান কৰিছে। জিলা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰে গঠিত ১৪ টাতকৈও অধিক গোটে পৃথকে বিভিন্ন গাঁৱে-ভুঁঞে সৰ্বসাধাৰণ ৰাইজৰ স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখিছে ।
স্বাস্থ্যকৰ্মীৰ গোটত নিযুক্ত কৰ্মচাৰী সকলে জিলাৰ পিছপৰা অতি দুৰ্গম অঞ্চল সমূহত খোজকাঢ়ি গৈ নাগৰিক সকলৰ স্বাস্থ্য পৰীক্ষা চলাই গৈছে । যানবাহানৰ যাতায়াতৰ বাবে সুবিধাজনক পথ-দলং নথকা অঞ্চলৰ বাসিন্দা সকলৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ সময়ত নিজৰ জীৱন বিপদাপন্ন কৰি হ’লও তেওঁলোকে অব্যাহত ৰখা সেৱাৰ বাবে জিলা বাসীয়ে স্বাস্থ্যকৰ্মী সকলক কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু শলাগ লৈছে । জিলা খনত সদ্য ঘোষিত অৱৰূদ্ধ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলে পিপিই কীট পৰিধান কৰি বাসিন্দা সকলৰ ঘৰ-বাৰিত প্ৰৱেশ কৰি যাকে য’ত যেনেদৰে পাইছে,স্বাস্থ্য পৰীক্ষা কৰিছে আৰু ছোৱাব সংগ্ৰহ কৰি গৈছে ।
সকলো দুখ-ভাগৰ পাহৰি স্বাস্থ্যকৰ্মী সকলে মাথোঁ কৰ্তব্য পালন কৰি গৈছে । তেওঁলোকৰ মাথোঁ এটাই লক্ষ্য যে কোভিড-১৯’ ভাইৰাছৰ দ্বাৰা গণ সংক্ৰমন নাইবা সামাজিক সংক্ৰমন প্ৰতিৰোধ কৰি কোৰোনা কালৰ অন্ত পেলাই তেওঁলোক যুঁজত জয়ী হ’ব লাগে আৰু সমাজ তথা দেশক এই প্ৰতিষেধক বিহীন নতুন ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰিব লাগে ।
চিৰাং জিলাৰ স্বাস্থ্যকৰ্মী আৰু আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লোক সকলৰ সেৱাৰ মানসিকতা প্ৰত্যক্ষ কৰি জিলাৰ সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে । বিভিন্ন দল-সংগঠনে তেওঁলোকক উৎসাহিত কৰিবলৈ সময়ে সময়ে সম্বৰ্দ্ধনা অনুষ্ঠানৰো আয়োজন অব্যাহত ৰাখিছে । সকলোৰে আশা, অতি শীঘ্ৰে পূৰ্বৰ দৰে স্বাভাৱিক পৰিৱেশ ঘূৰি আহিব ।।