নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শেনচোৱা গুদামৰ পৰা ২৭টা ট্রেন্সফর্মাৰ গেৰুকামুখলৈ নিয়াৰ প্রস্তুতি

নিয়মীয়া বাৰ্তা ১২ জুনঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত অব্যাহত আছে ব্যাপক খহনীয়া৷ পানীৰ ধলে খহাই নিছে ইখনৰ পাছত সিখন গার্ড ৱাল৷ তাৰ মাজতে প্রকল্পস্থলীলৈ ২৭টাকৈ বৃহদাকৃতিৰ ট্রেন্সফর্মাৰ সৰবৰাহৰ গোপন প্রস্তুতি চলাইছে নির্মাণকাৰী সংস্থা এন এইচ পি চিয়ে৷ লকডাউনৰ মাজত ৰাজপথত অধিক লোক সমাগম হ’ব নোৱাৰাৰ সুযোগতে নির্মাণকাৰী সংস্থাটোৱে নগাঁৱৰ গুদামৰ পৰা বৃহৎ নদীবান্ধৰ বাবে প্রয়োজনীয় যন্ত্রাংশ কঢ়িয়াব বিচাৰিছে৷ ইয়াৰ বাবে কালি নিশাৰে পৰা অত্যন্ত গোপনে কুচকাৱাজ আৰম্ভ কৰা হৈছে৷ উল্লেখ্য যে ২০১১ চনৰে পৰা অসমৰ দল–সংগঠন আৰু ৰাইজৰ প্রবল প্রতিবাদৰ বাবে গেৰুকামুখত বৃহৎ নদীবান্ধটোৰ নির্মাণ বন্ধ হৈ আছিল৷ সেই সময়তে প্রকল্পস্থলীলৈ কঢ়িয়াই নিশা ২৭টাকৈ ট্রেন্সফর্মাৰ নগাঁৱত আবদ্ধ হৈ পৰিছিল৷ তেতিয়াৰ পৰা জিলাখনৰ শেনচোৱাত থকা বৃহৎ গুদামত এই ট্রেন্সফর্মাৰকেইটা ৰাখি থোৱা হৈছে৷ একেদৰে তেজপুৰতো আবদ্ধ হৈ আছে আন এটা ট্রেন্সফর্মাৰ৷ শেহতীয়াকৈ নদীবান্ধ প্রকল্পটোৰ ক্ষেত্রত থকা আইনী বাধা আঁতৰি যোৱাত আৰু অসমৰ নদীবান্ধবিৰোধী আন্দোলন দুর্বল হৈ পৰাৰ পৰিপ্রেক্ষিতত এন এইচ পি চিয়ে পূর্ণোদ্যমে ২০০০ মেগাৱাট বিজুলীশক্তি উৎপাদনক্ষম প্রকল্পটোৰ নির্মাণ আৰম্ভ কৰিছে৷ লকডাউনৰ সময়ছোৱাত প্রকল্পস্থলীলৈ দিনে–নিশাই কঢ়িয়াই নিয়া হৈছে নির্মাণ সামগ্রী৷ আনকি এই সামগ্রীসমূহৰ বিপৰীতে বীমাও কৰিছে নির্মাণ সংস্থাটোৱে৷ কিন্তু শেহতীয়াকৈ হোৱা বৰষুণত প্রকল্পস্থলীত ব্যাপক ভূমিস্খলন হয়৷ ভূমিস্খলনৰ ফলত মূল বান্ধলৈ যোৱা পথ সম্পূর্ণৰূপে বন্ধ হৈ পৰাৰ লগতে কেইবাখনো গার্ড ৱালো খহি যায়৷ ফলত এই বৃহৎ নদীবান্ধটোৰ নামনিত বসবাস কৰা ৰাইজৰ জীৱন–সম্পত্তিৰ প্রতি প্রচণ্ড ভাবুকি আহি পৰে৷ ক্ষণভংগুৰ পাহাৰত নদীবান্ধৰ নির্মাণ বন্ধ কৰিবলৈ সকীয়াই দিয়ে ৰাজ্যৰ দল–সংগঠনসমূহে৷ কিন্তু এই সকীয়নিলৈ কর্ণপাত নকৰি এন এইচ পি চিয়ে এইবাৰ নগাঁৱৰ শেনচোৱাৰ পৰা বৃহৎ নদীবান্ধৰ বাবে প্রয়োজনীয় ২৭টা ট্রেন্সফর্মাৰ সৰবৰাহৰ বাবে সাজু হৈছে৷ ইয়াৰ বাবে এন এইচ পি চিয়ে এটা পৰিবহণ সংস্থাৰ লগতো প্রাৰম্ভিক কথা–বতৰা সম্পূর্ণ কৰিছে৷ গুৱাহাটীৰ ভঙাগড়ত কার্যালয় থকা চিজে ডার্ছিল নামৰ পৰিবহণ সংস্থাটোৱে এন এইচ পি চিৰ পৰা সেউজ সংকেত পালেই ট্রেন্সফর্মাৰ লৈ গেৰুকামুখ অভিমুখে ৰাওনা হ’ব৷ উল্লেখ নিষ্প্রয়োজন যে দেশত বলৱৎ হৈ থকা লকডাউনৰ সুযোগ লৈয়ে এন এইচ পি চিয়ে বৃহৎ নদীবান্ধটোৰ নির্মাণৰ দিশত আৰু এখোজ আগুৱাব বিচাৰিছে৷ যিহেতু এই সময়ছোৱাত ৰাজপথত বেছিসংখ্যক লোক সমৱেত হৈ প্রতিবাদ–প্রতিৰোধ গঢ়ি তুলিব নোৱাৰে, তাৰ বাবেই ট্রেন্সফর্মাৰ সৰবৰাহৰ এই সময়ছোৱাকে বাছি লৈছে নির্মাণকাৰী সংস্থা এন এইচ পি চিয়ে৷ গতিকে সকলো দল–সংগঠনক এই সময়ছোৱাত এন এইচ পি চিৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনাইছে বৃহৎ নদীবান্ধবিৰোধী আন্দোলনক সমুখৰ পৰা নেতৃত্ব দিয়া সদৌ অসম ছাত্র সন্থাৰ প্রাক্তন উপ–সভাপতি তুলৰাম গগৈয়ে৷ আজি এন এইচ পি চিৰ পৰৱর্তী প্রস্তুতি সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি প্রাক্তন ছাত্র নেতাগৰাকীয়ে কয় যে বৰষুণৰ ফলতে এন এইচ পি চিৰ প্রকল্পৰ কেইবাখনো গার্ড ৱাল খহি পৰিছে৷ এনে পৰিস্থিতিত যদিহে নদীবান্ধটোৰ নির্মাণ সম্পূর্ণ হয়, নামনি অঞ্চলত কেনে প্রলয় সৃষ্টি হ’ব পাৰে, সেয়া সহজেই অনুমেয়৷ গতিকে অসমৰ বিশেষজ্ঞসকলৰ মতামতক আওকাণ কৰি নির্মাণকাৰী সংস্থাটোৱে যাতে নিজৰ মইমতালিৰে গেৰুকামুখত বৃহৎ নদীবান্ধৰ নির্মাণ চলাই নিব নোৱাৰে, তাৰ বাবে এন এইচ পি চিৰ ওপৰত অহর্নিশে চকু ৰাখিবলৈ জাতীয় সংগঠনসমূহক আহ্বান জনাইছে প্রাক্তন আছু নেতাগৰাকীয়ে৷ বাঘজানত জন এনার্জী নামৰ প্রতিষ্ঠানটোৰ কার্যকলাপে বিভীষিকা সৃষ্টি কৰাৰ সময়ত গেৰুকামুখত এন এইচ পি চিয়ে চলাই অহা তৎপৰতাই স্বাভাৱিকতে উত্তৰ অসমৰ ৰাইজক শংকিত কৰি তুলিছে৷

You might also like