নিয়মীয়া বাৰ্তা, ১৩ জুনঃ প্ৰয়োজন হ’লে ৯ বজাৰ পৰিবৰ্তে ৭ বজাৰ পৰা বলবৎ হ’ব কাৰ্ফিউ। সংবাদমেলত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বহু লোকে মানি চলা নাই সামাজিক দূৰত্ব, পিন্ধা নাই মাস্ক। গতিকে সামাজিক সংক্ৰমণ ৰোধ কৰাটো অসম্ভৱ হৈ পৰিব।
তেওঁ লগতে কয় যে গুৱাহাটীত মাস্ক নিপিন্ধা সকলৰ জৰিমনা বিহাৰ প্ৰক্ৰিয়াটো অধিক কঠোৰভাৱে পালন কৰা হ’ব। সামাজিক দূৰত্ব মানি চলাটোৱো বিশেষভাৱে গুৰুত্ব দিয়া হ’ব। এনে নকৰিলে ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব। গুৱাহাটীত ২৫হাজাৰ লোকৰ টেষ্ট কৰা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।