চৰিত্র সলনিৰ পূর্বে দ্রুত সংক্রমণ!
নিয়মীয়া বাৰ্তা, ১৪জুনঃ ঘাতক ক’ভিড–১৯ৰ প্রতিষেধক ছিটা উদ্ভাৱনৰ বাবে বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে প্রচেষ্টা চলাই থকা সময়তে ফ্ল’ৰিডাৰ স্ক্রিপট্ছ ৰিছার্চ ইনষ্টিটিউটে এক অধ্যয়নত লাভ কৰিছে চাঞ্চল্যকৰ তথ্য৷ এই অধ্যয়নৰ তথ্য অনুসৰি ক’ভিড–১৯ৰ পৰিৱর্তন ঘটিব পাৰে৷ পৰিৱর্তনৰ পূর্বে অধিক ভয়ংকৰ হ’ব পাৰে ইয়াৰ সংক্রমণ৷ কালি প্রতিষ্ঠানটোৱে উল্লেখ কৰা অনুসৰি ন’ভেল ক’ৰোনা ভাইৰাছে নিজৰ চৰিত্র সলনি কৰিব পাৰে৷ এই পৰিৱর্তনৰ পূর্বে ভাইৰাছবিধৰ সংক্রমণ অধিক দ্রুত হোৱাৰ প্রামাণিক তথ্য লাভ কৰিছে গৱেষকসকলে৷ আমেৰিকা আৰু ইউৰোপৰ বিভিন্ন দেশত ক’ভিড–১৯ৰ দ্রুত সংক্রমণৰ কাৰণ বিশ্লেষণ কৰি সংস্থাটোৰ বিশেষজ্ঞসকলে কৈছে যে কম সময়ৰ ভিতৰতে ভাইৰাছবিধৰ পৰিৱর্তন ঘটিছে৷ অৱশ্যে পৰিৱর্তনৰ পিছত ই সুস্থিৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে বুলি প্রতিষ্ঠানটোৰ গৱেষকসকলে উল্লেখ কৰিছে৷