নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লালুংগাঁৱত হেৰ’ইনসহ দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ

আৰক্ষী–ক্রাইম ব্রাঞ্চৰ অভিযান

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ মহানগৰীত অব্যাহত আছে নিষিদ্ধ ড্রাগ্ছৰ ৰমৰমীয়া বেহা৷ মহানগৰীৰ বিভিন্ন প্রান্তত আৰক্ষীয়ে মাজে–সময়ে ড্রাগ্ছবিৰোধী অভিযান চলাই বহুকেইটা ড্রাগ্ছৰ ঘাটি উৎখাত কৰাৰ লগতে এই অবৈধ বেহাত জড়িত লোকক গ্রেপ্তাৰ কৰি ৰঙাঘৰলৈ প্রেৰণ কৰিছে৷

এনে ড্রাগ্ছবিৰোধী অভিযানৰ মাজতে আজি মহানগৰীৰ গড়চুক আৰক্ষী আৰু ক্রাইম ব্রাঞ্চে গোপন সূত্রে লাভ কৰা খবৰৰ পম খেদি থানাখনৰ অন্তর্গত লালুংগাঁৱৰ এটা ভাৰাঘৰত অভিযান চলাই হেৰ’ইন আৰু নগদ ধন জব্দ কৰাৰ লগতে গ্রেপ্তাৰ কৰে দুই মহিলা সৰবৰাহকাৰীক৷

গড়চুক আৰক্ষীয়ে জনোৱা মতে, লালুংগাঁৱৰ এটা ভাৰাঘৰত অভিযান চলাই দলটোৱে ২.৮৫ গ্রাম হেৰ’ইন, নগদ ২২,০১০ টকা আৰু তিনিটা ম’বাইল ফোন জব্দ কৰাৰ লগতে নলবাৰীৰ মুকালমুৱাৰ অন্তর্গত কালচাৰৰ নুৰজাহানা বেগম আৰু মহানগৰীৰ গণেশপাৰাৰ ৰিয়া দাসক গ্রেপ্তাৰ কৰে৷ গড়চুক আৰক্ষীয়ে লগতে জনোৱা মতে, মহানগৰীত দীর্ঘদিনৰ পৰা ড্রাগ্ছৰ ব্যৱসায়ত জড়িত আছিল নুৰজাহানা বেগম৷ মহানগৰীৰ বহু সম্ভ্রান্ত পৰিয়ালৰ সন্তানক নুৰজাহানাই যোগান ধৰি আহিছিল নিষিদ্ধ ড্রাগ্ছ৷

বুজন পৰিমাণৰ ধনৰ বিনিময়ত নুৰজাহানাই চলাই অহা ড্রাগ্ছৰ অবৈধ কাৰবাৰত কিছুদিন পূর্বে জড়িত হৈছিল ৰিয়া দাস৷ আজি দিনৰ ১.৩০ বজাত আৰক্ষীৰ দলটোৱে অতর্কিতে অভিযান চলাই মুঠ ১৫টা কণ্টেইনাৰত বিক্রীৰ বাবে সাজু কৰি ৰখা ড্রাগ্ছখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ গড়চুক আৰক্ষীয়ে এন ডি পি এছ এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি দুয়োকে জেৰা অব্যাহত ৰাখিছে৷ এই নিষিদ্ধ কাৰবাৰত মহানগৰীৰ আৰু কেইবাজনো লোক জড়িত থকা বুলি গড়চুক আৰক্ষীয়ে সন্দেহ কৰিছে৷

You might also like