পাৰমাণৱিক অস্ত্রত ভাৰততকৈ আগবাঢ়ি আছে পাকিস্তানঃ এছআইপিআৰআইৰ শেহতীয়া সমীক্ষা
নিয়মীয়া বাৰ্তা ১৬ জুনঃ ভাৰত আৰু চীনৰ মাজত ৰাজনৈতিক উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে ষ্টকহম আন্তঃৰাষ্ট্রীয় শান্তি গৱেষণা প্রতিষ্ঠান (এছআইপিআৰআই)ৰ শেহতীয়া সমীক্ষাত তাৎপর্যপূর্ণ তথ্য প্রকাশ পাইছে৷ সোমবাৰে প্রকাশ পোৱা সমীক্ষা অনুসৰি পাৰমাণৱিক অস্ত্র ভাণ্ডাৰৰ ক্ষেত্রত ভাৰতৰ তুলনাত চীন প্রায় দুগুণ শক্তিশালী৷ এই মুহূর্তত চীনৰ হাতত ৩২০টাকৈ পাৰমাণৱিক অস্ত্র থকাৰ বিপৰীতে ভাৰতৰ হাতত মাত্র ১৫০টা পাৰমাণৱিক অস্ত্রহে মজুত আছে৷ একেদৰে চিৰবৈৰী পাকিস্তানৰ পাৰমাণৱিক অস্ত্রৰ পৰিমাণ হ’ল ১৬০৷ পৰিসংখ্যাৰ দিশৰ পৰা চীন আৰু পাকিস্তানৰ অধিক পাৰমাণৱিক অস্ত্র থাকিলেও ভাৰতৰ পাৰমাণৱিক অস্ত্রৰ ক্ষমতা যথেষ্ট বেছি বুলি ভাৰতীয় প্রতিৰক্ষা মন্ত্রালয়ে দাবী কৰিছে৷ উল্লেখ্য যে শেহতীয়াকৈ চীনে ভাৰতক ৰঙা চকু দেখুৱাই থাকিলেও ভাৰত বেইজিঙৰ ভাবুকিত আতংকিত হোৱা নাই আৰু প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে কালি মুকলিকৈ প্রকাশ কৰিছিল যে ভাৰত এতিয়া দুর্বল দেশ নহয়৷ দুদিন পূর্বে ভাৰতে লাডাখত চীনক সকীয়াই যুঁজাৰু বিমানৰ অনুশীলন আৰম্ভ কৰি ইতিমধ্যে ইয়াৰ ইংগিত দিছে৷ ইফালে এছ আই পি আৰ আই–এ আজি প্রকাশ কৰা সমীক্ষা অনুসৰি আমেৰিকা যুক্তৰাষ্ট্র আৰু ৰাছিয়াৰ হাতত এই মুহূর্তত ক্রমে ৫৮০০ আৰু ৬৩৭৫ বিধ পাৰমাণৱিক অস্ত্র আছে৷ একেদৰে ফ্রান্সৰ ওচৰত ২৯০, ব্রিটেইনৰ ওচৰত ২১৫, ইজৰাইলৰ ওচৰত ৯০ বিধ পাৰমাণৱিক অস্ত্র মজুত আছে৷