ভাৰত-চীন সীমান্তত হতাহতি, নিহত ৩ ভাৰতীয় জোৱান
নিয়মীয়া বাৰ্তা, ১৬ জুনঃ ভাৰত-চীন সীমান্তত সীমাবিবাদ চলি থকাৰ মাজতে এগৰাকী ভাৰতীয় বিষয়াসহ দুই জোৱান নিহত হোৱাৰ খবৰ পোৱা গৈছে। পূব লাডাখ ছেক্টৰৰ গালৱান উপত্যকাত চীন-ভাৰত সীমান্তত কালি নিশা এই ঘটনা সংঘটিত হৈছে। দুয়ো দেশৰ সেনাৰ হতাহতি হোৱাত এগৰাকী ভাৰতীয় সেনা বিষয়া আৰু দুজন সেনা নিহত হয়। হতাহতিত দুয়োপক্ষৰে ক্ষতি হোৱা বুলি সেনা সূত্ৰই প্ৰকাশ কৰিছে। এতিয়ালৈ বিস্তাৰিত খবৰ পোৱা হোৱা নাই যদিও দুয়ো দেশৰ সেনাৰ মুৰব্বী আলোচনাত বহিছে।
আনহাতে ঘটনাৰ খবৰ লাভ কৰিয়েই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনা মুৰব্বী বিপিন ৰাৱত, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰসহ আন বিষয়াৰে এখন বৈঠকত মিলিত হয়।
During de-escalation process in Galwan Valley, a violent face-off took place last night with casualties. The loss of lives on Indian side includes an officer & 2 soldiers. Senior military officials of the two sides are currently meeting at the venue to defuse the situation: Army pic.twitter.com/Z3y9ocQu26
— ANI (@ANI) June 16, 2020