নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীসকলৰে আজি মোদীৰ ভিডিঅ’ কনফাৰেঞ্চ; ল’ব পাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ দেশজুৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধী লকডাউন পর্যায়ক্রমে শিথিল কৰি থকাৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিভিন্ন ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্রীসকলৰ সৈতে আগন্তুক আজি আৰু কাইলৈ (১৭ জুনত) দুদিনীয়াকৈ ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে আলোচনা কৰিব৷

সমগ্র দেশত ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ ক্ষেত্রত থকা লকডাউন শিথিল কৰি আনলক–১.০ বলৱৎ হোৱাৰ পাছত ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্রীসকলৰ সৈতে এয়া প্রথমলানি আলোচনা অনুষ্ঠিত হ’ব প্রধানমন্ত্রী মোদীৰ৷

এইক্ষেত্রত মোদীয়ে ২১ খন ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্রীসকলৰ সৈতে ১৬ জুনত ভার্চুৱেল মিটিঙত মিলিত হ’ব বুলি গৃহ মন্ত্রালয়ৰ এক সূত্রই সদৰী কৰিছে৷

পঞ্জাব, অসম, কেৰালা, উত্তৰাখণ্ড, ঝাৰখণ্ড, ছত্তিশগড়, ত্রিপুৰা, হিমাচল প্রদেশ, চণ্ডীগড়, গোৱা, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, লাডাখ, পুডুচেৰী, অৰুণাচল প্রদেশ, মেঘালয়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দাদৰা নগৰ হাভেলী আৰু দমন ডিউ, ছিকিম তথা লাক্ষাদ্বীপৰ মুখ্যমন্ত্রীসকলৰ সৈতে মোদীয়ে আজি আলোচনাত মিলিত হ’ব ।

বিপৰীতে কাইলৈ অর্থাৎ ১৭ জুনত আলোচনা চলাব মহাৰাষ্ট্র, তামিলনাডু, দিল্লী, গুজৰাট, ৰাজস্থান, উত্তৰ প্রদেশ, মধ্যপ্রদেশ, পশ্চিমবংগ, কর্ণাটক, বিহাৰ, অন্ধ্রপ্রদেশ, হাৰিয়ানা, জম্মু–কাশ্মীৰ, তেলেংগানা আৰু ওড়িশাৰ মুখ্যমন্ত্রীসকলৰ সৈতে৷

 স্মর্তব্য যে আনলক–১.০ৰ অধীনত কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহে বিভিন্ন ক্ষেত্রত থকা নিষেধাজ্ঞা শিথিল কৰি অর্থনৈতিক কাম–কাজ পুনৰ মুকলি কৰিছে৷ এই বিষয়টোৱে আলোচনাত গুৰুত্ব লাভ কৰা সম্ভাৱনা আছে৷

You might also like