নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত এতিয়াও আৰম্ভ হোৱা নাই ক’ৰোনাৰ গণ সংক্রমণ

নিয়মীয়া বাৰ্তা ১৮ জুনঃ   অসমত ক’ভিড–১৯ৰ গণসংক্রমণৰ কথা অস্বীকাৰ কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্রী ড০ শর্মাই কয় যে ভ্রমণ বৃত্তান্ত নথকা কিছু লোক ক’ভিড–১৯ত আক্রান্ত হৈছে যদিও তেওঁলোক ক’ৰোনাত আক্রান্ত কোনো লোকৰ সংস্পর্শত আহিও আক্রান্ত হ’ব পাৰে৷ সামাজিক সংক্রমণ হৈছে নে নাই, সেয়া আই চি এম আৰেহে নির্ধাৰণ কৰে৷ এই মুহূর্তলৈ আই চি এম আৰে দিল্লী–মুম্বাইতো সামাজিক সংক্রমণ হোৱা বুলি কোৱা নাই৷ ড০ শর্মাই কয় যে চিকিৎসা বিজ্ঞানৰ সূত্র অনুসৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৪,৫০০টা পজিটিভ কেচৰ বিপৰীতে কোনো ভ্রমণ বৃত্তান্ত নথকা ২,০২৫গৰাকী লোক আক্রান্ত হ’লেহে সামাজিক সংক্রমণ বুলিব পাৰি৷ সাধাৰণ ভাষাত সামাজিক সংক্রমণ আৰু চিকিৎসা বিজ্ঞানৰ ভাষাত সামাজিক সংক্রমণ দুটা পৃথক পৃথক৷ সেয়ে চিকিৎসা বিজ্ঞানৰ সূত্র অনুসৰি গুৱাহাটীত বা অসমত কোনো সামাজিক সংক্রমণ হোৱা নাই৷ আনহাতে, অসমত ক’ভিড ৰোগীৰ সংখ্যা বাঢ়িলেও পৰিস্থিতি চম্ভালাৰ ক্ষেত্রত আত্মবিশ্বাস ব্যক্ত কৰি মন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটী মহানগৰীত কনটেইনমেণ্ট জ’নৰ পৰা ১৩গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে– স্বাস্থ্য বিভাগৰ ষ্টেটেজী ঠিকে আছে৷ স্বাস্থ্য বিভাগে গ্রহণ কৰা আঁচনিৰ পৰা ৰাইজ সুৰক্ষিত হ’ব পাৰিছে৷ গুৱাহাটীলৈ দৈনিক ৭ হাজাৰ ট্রাক আহে৷ সেয়ে স্বাভাৱিকতে গুৱাহাটীত ক’ভিড আছে৷ ৰাইজ যাতে তাকে লৈ আতংকিত হ’ব নালাগে, তাৰ বাবে স্বাস্থ্য বিভাগে লোৱা প্রচেষ্টাই ফল দেখুৱাইছে৷ ক’ভিডৰ বিৰুদ্ধে চলা যুঁজখনত চিকিৎসক–নার্ছকে ধৰি স্বাস্থ্যকর্মীসকলে নিজৰ জীৱনকো তুচ্ছ কৰি মানৱতাৰ হকে কাম কৰি আছে৷ ইয়াৰ বাবে তেওঁ চিকিৎসক, নার্ছ লেবৰেটৰী টেক্নিচিয়ান, স্বাস্থ্যকর্মীসকলক ধন্যবাদ জ্ঞাপন কৰি কয় যে কোনো এজন লোকৰ পৰা লেবৰেটৰী টেক্নিচিয়ান এজনে ছোৱাব সংগ্রহৰ সময়ত লোকজনে কাহ, হাঁচি এটা মাৰিলে তেওঁৰ গাত ছিটিকনি পৰাটো স্বাভাৱিক৷ তাৰ পাছতো তেওঁলোকে সেৱা আগবঢ়াই আহিছে৷ সেয়াই অসমৰ স্বাস্থ্য বিভাগৰ সফলতা৷ চিকিৎসা কর্মীসকলে নিজৰ ক’ভিড–১৯ পজিটিভ হ’লেও হ’ব তথাপি কাম কৰি যাব৷ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ তিনিজনকৈ চিকিৎসক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছতো কোনো সন্ত্রসিত হোৱা নাই৷ প্রতিগৰাকী চিকিৎসক–নার্ছ–স্বা আতংকিত নোহোৱাকৈ ৰোগীসকলক সেৱা আগবঢ়াই আহিছে৷ মানৱতাৰ নিদর্শন দাঙি ধৰি এনেদৰে সন্ত্রসিত, আতংকিত নোহোৱাকৈ ৰোগীক সেৱা আগবঢ়াই থকাটোৱে অসমৰ স্বাস্থ্য বিভাগৰ সফলতা৷ এই প্রসংগতে তেওঁ সমাজত এতিয়াও সচেতনতা বহু বাকী থকাৰ কথা উল্লেখ কৰি কয় যে বহু লোকে এতিয়াও মাস্ক পৰিধান নকৰাকৈ, সামাজিক দূৰত্ব উলংঘন কৰি ঘূৰা–ফুৰা কৰি আছে৷ এইক্ষেত্রত আজি অথবা কাইলৈৰ পৰা গুৱাহাটী মহানগৰীত প্রশাসনক মাইকযোগে ৰাইজক সতর্ক কৰি দিয়াৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়া হৈছে৷ ইপিনে স্বাস্থ্যমন্ত্রী ড০ শর্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ভিড–১৯ৰ নমুনা পৰীক্ষা কৰাৰ বাবে তৃতীয়টো পৰীক্ষাগাৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ এই পৰীক্ষাগাৰটোৱে দৈনিক ৪০০ৰ পৰা ৫০০টা নমুনা পৰীক্ষা কৰিবলৈ সক্ষম হ’ব৷ এই পৰীক্ষাগাৰটো হোৱাৰ লগে লগে ৰাজ্যখনত ক’ভিড–১৯ পৰীক্ষাগাৰৰ সংখ্যা ১২টালৈ বৃদ্ধি পালে৷ আনহাতে, বুধবাৰে দিনটোত ৮ হাজাৰ নমুনা পৰীক্ষা সম্পাদিত হোৱাৰ ফলত ৰাজ্যখনত নমুনা পৰীক্ষাৰ সংখ্যা ২,৩৫,২১৪টালৈ বৃদ্ধি পালে৷ ইফালে ছোৱাব পৰীক্ষাৰ ক্ষেত্রত প্রয়োজনীয় আহিলা ভি টি এম শেহতীয়াকৈ গুৱাহাটী আই আই টিৰ গৱেষকে প্রস্তুত কৰাৰ বিষয়ে জানিবলৈ দি মন্ত্রী ড০ শর্মাই কয় যে পূর্বতে অসমে এই ভি টি এম দিল্লীৰ পৰা আনিবলগীয়া হৈছিল৷ একোটা ভি টি এম ২০৬ টকাত ক্রয় কৰি আনিছিল৷ এতিয়া গুৱাহাটী আই আই টিয়ে ২০ হাজাৰ ভি টি এম প্রস্তুত কৰিছে৷ গুৱাহাটী আই আই টিয়ে একোটা ভি টি এম ১৪০ টকা দৰত দিছে৷ অৱশ্যে ৰাজ্যখনত এতিয়া যিহেতু প্রতিদিনে ১০ হাজাৰ ভি টি এমৰ প্রয়োজন, সেয়ে বাকীখিনি বহিঃৰাজ্যৰ পৰা ক্রয় কৰিব লাগিব৷ আনহাতে, আজিৰ দিনটোতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত থ্রীডি টেক্ন’লজীৰ ডিজিটেল মেম’গ্রাফী স্থাপন কৰা হয়৷ এই সর্ম্পত মন্ত্রী ড০ শর্মাই কয় যে এই নতুন এডভান্স মেম’গ্রাফী সঁজুলিৰে মহিলাৰ ব্রেষ্ট কেঞ্চাৰ প্রাৰম্ভিক অৱস্থাতে ধৰা পেলাব পৰা যাব৷

২০ জুনৰ ভিতৰত কেৰালাৰ পৰা অসম পাবহি ২৫ হাজাৰ লোক
বহিঃৰাজ্যৰ পৰা উভতি অহা লোকৰ বাবেই ৰাজ্যখনত ক’ৰোনা আক্রান্তৰ সংখ্যা ব্যাপক হাৰত ঊর্ধ্বগামী হোৱাৰ সময়তে অহা ২০ জুনৰ ভিতৰত অসম পাবহি আৰু ২৫ হাজাৰ লোক৷ এই লোকসকল কেৰালাৰ পৰা ৰে’লযোগে আহি আছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত আজি কয় যে অহা ২০ জুনৰ ভিতৰত কেৰালাৰ পৰা আহি থকা লোকসকল অসম পাবহি৷ সেই ২৫ হাজাৰ লোকৰ সৰহসংখ্যকেই নগাঁও, মৰিগাঁও, হোজাই আৰু বৰপেটা জিলাৰ৷ বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইনত ৰাখিবলৈ নগাঁও–মৰিগাঁও জিলাত বর্তমান স্থানৰ অভাৱৰ বিষয়ে জানিবলৈ দি তেওঁ কয় যে কালি নগাঁও–মৰিগাঁৱৰ কিছু লোকক কামৰূপ জিলাৰ বকোত ৰাখিবলগীয়া হয়৷ বহিঃৰাজ্যৰ পৰা আহি থকা সেইসকল লোকক গুৱাহাটীৰ খানাপাৰা আৰু সৰুসজাইত কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰ উপৰি কামৰূপ মেট্র’ আৰু কামৰূপ জিলাৰ ভিন্ন স্থানত তেওঁলোকক কোৱাৰেণ্টাইনত ৰখাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হৈছে৷
প্রজ্ঞান ভাৰতীঃ দুই লাখ স্নাতক পর্যায়ৰ ছাত্র–ছাত্রীৰ পাঠ্যপুথি ক্রয়ৰ বাবে এহাজাৰ টকাকৈ প্রদান
চলিত বিত্তীয় বর্ষৰ বাজেটত ঘোষণা কৰা শিক্ষা বিভাগৰ প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত বুধবাৰে ৬৭,৫৩১গৰাকী স্নাতক পর্যায়ৰ ছাত্র–ছাত্রীক পাঠ্যপুথি ক্রয়ৰ বাবে বেংক একাউণ্টত এহাজাৰ টকাকৈ প্রদান কৰা হয়৷ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে টুইটাৰযোগে এই কথা প্রকাশ কৰিছে৷ মন্ত্রী ড০ শর্মাই উল্লেখ কৰা অনুসৰি এই আঁচনিয়ে ২ লাখ ছাত্র–ছাত্রীক সামৰি ল’ব৷ উচ্চতৰ মাধ্যমিক পর্যায়লৈ চৰকাৰে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰি আহিছে৷

You might also like