নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ প্রভাৱঃ ভূতৰ গাঁও গুচি ফুলবাৰী হ’ল

কেইবাদশকৰো পিছত গাঁৱলৈ উভতি আহিল প্রব্রজিত শ্রমিক

নিয়মীয়া বাৰ্তা ১৮ জুনঃ   ক’ৰোনা ভাইৰাছ লকডাউনে মানুহৰ জীৱনশৈলী সলনি কৰাই নহয়, নিজৰ অতীতলৈ ওভতাই আনিলে৷ এনে এক ঘটনাই সংঘটিত হৈছে উত্তৰাখণ্ডত৷ দশক দশক পূর্বে গাঁও এৰি কর্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ প্রব্রজনৰ ফলত উত্তৰাখণ্ডত কেইবাখনো গাঁও ভূত গাঁও হিচাপে চর্চিত হৈছিল৷ অর্থাৎ ৰাজ্যখনৰ পৌৰী গাঢ়ৱাল জিলাৰ বালুনি গাঁৱকে ধৰি কেইবাখনো গাঁৱলৈ এতিয়া জীৱনৰ বসন্ত নামি আহিছে৷ অর্থাৎ ভূতগাঁৱৰ পৰা ফুলবাৰী হ’ল৷ লকডাউনৰ ফলত বিভিন্ন ৰাজ্যৰ পৰা এই অঞ্চললৈ অতি কমেও ৫৫০জন প্রব্রজিত শ্রমিক উভতি আহিল আৰু ইতিমধ্যে পৰিত্যক্ত হৈ থকা ভগ্ণ ঘৰ–দুৱাৰ মেৰামতি কৰি ল’লে৷ তদুপৰি অঞ্চলত থকা পৰিত্যক্ত মাটিকে ধৰি বিভিন্ন স্থানত খেতি কৰিবলৈ ল’লে৷ উল্লেখ্য যে উত্তৰাখণ্ডত এনে ১৭০০তকৈ অধিক গাঁও আছে৷ ইয়াৰে ১০০০ত ১০০তকৈ অধিক লোক বসবাস কৰে৷ তাৎপর্যপূর্ণ যে পৌৰী গাঢ়ৱালৰ এনে পৰিত্যক্ত গাঁৱতেই জন্ম পাইছিল বিশ্ববিশ্রুত খেলুৱৈ চাইনা, বর্তমানৰ চি ডি এছ বিপিন ৰাৱট৷

You might also like