অৱশ্যে সকলো বস্তুৰে এটা সীমা থকাটো অতি আৱশ্যক । কোনো বস্তুৰ অতি কম আৰু অতি বেছি দুয়োটায়ে বেয়া ।
লকডাউনৰ এই সময়খিনি বহু লোকেই টোপনিৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ সন্মুখিন হ’বলগীয়া হৈছে ।
এক পৰীক্ষাত পোহৰলৈ আহিছে লকডাউনত এচামে অধিক শুৱাৰ বিপৰীতে আন এচামে কম সময় টোপনি মাৰিছে, যাৰ বাবে লোকসকলৰ বহু সমস্যাই দেখা দিবলৈ লৈছে । টোপনিৰ তালিকাখন এনেদৰে সলনি হোৱাত শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে ।
“ৱৰ্ক ফ্ৰম হোম” এ পেলাইছে প্ৰভাৱ-
লকডাউনত ঘৰৰ পৰা কাম কৰিবলগীয়া হোৱাত কৰ্মচাৰীসকলৰ পূৰ্বৰ যি ৰুটিন সেয়া সলনি হৈছে । ঘৰৰ পৰা কাম কৰি নতুন অনুভৱ, কামৰ অধিক হেঁচা, খোৱাৰ সময়ৰ পৰিবৰ্তন, অধিক সময় ধৰি কাম কৰাত আৰু চলাফুৰা কম হোৱাৰ বাবে শৰীৰত বিভিন্ন বেমাৰৰ লক্ষণে দেখা দিবলৈও আৰম্ভ কৰিছে । ইয়াৰ ফলত একপ্ৰকাৰ টোপনিৰ ওপৰত প্ৰভাৱ পৰিছে ।
jet lag ৰ দৰে সমস্যা-
জেট লেগ হৈছে এক অস্থায়ী টোপনিৰ সমস্যা । এই সমস্যা তেতিয়া হয় যেতিয়া শৰীৰে কিছু নতুন সময়ৰ সৈতে মিলিবলগীয়া হয় । বহু বিশেষজ্ঞৰ মতে লকডাউনত টোপনিৰ সময় কিছু পৰিৱৰ্তন হোৱা বাবে এই সমস্যাই গা কৰি উঠা দেখা গৈছে ।
আনহাতে এই অধ্যয়নত আৰু এটা কথা পোহৰলৈ আহিছে যে লকডাউনত পুৰুষতকৈ মহিলাৰ টোপনি বৃদ্ধি পাইছে ।
ইণ্টাৰনেটত টোপনিৰ সৈতে সংলগ্ন প্ৰশ্ন বিচৰা-
লকডাউনত টোপনিৰ সমস্যা বৃদ্ধি হোৱাৰ অনুমান ইয়াতে লগাব পৰা যায় যে- ইণ্টাৰনেটত এই সময়ছোৱাত টোপনিজনিত সমস্যা সমাধানক লৈ বেছিকৈ গুগলত চাৰ্ছ কৰা হৈছিল ।
টোপনিৰ সমস্যাই বৃদ্ধি ঘটাব পাৰে মানসিক অশান্তি-
সময়ত নুশুৱা আৰু টোপনি সম্পূৰ্ণ নোহোৱা আদিৰ দৰে ঘটনাই মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় । মানসিক সমস্যাৰ পৰা দূৰত ৰখাৰ এটায়ে উপায় যে দিনটোৰ কাৰ্যপ্ৰণালীৰ এক ৰুটিন প্ৰস্তুত কৰা যায় । প্ৰয়োজনতকৈ অধিক শোৱাটোও স্বাস্থ্যৰ পক্ষে ভাল নহয় ।