চীনৰ আগ্রাসনৰ আঁৰত আভ্যন্তৰীণ সংকট!
গালৱান সীমান্তত ভাৰতীয় সেনাৰে ৰক্তাক্ত সংঘাতত কিমানজন চীনা সৈনিক হতাহত হৈছে, সেই কথাটো অদ্যাপি চীনে ৰাজহুৱা কৰা নাই৷ ইয়াৰ বিপৰীতে ৰাষ্ট্রখনৰ দ্বাৰা নিয়ন্ত্রিত সংবাদ মাধ্যমৰ জৰিয়তে অহৰহ ভাৰতক যুদ্ধৰ ভাবুকি দি থকা হৈছে৷ কথাই কথাই ১৯৬২ চনৰ যুদ্ধখনৰ কথা সোঁৱৰাই দি থকা হৈছে৷ কথাবোৰ যেন ভাৰতক বা বিশ্বৰ আন অংশক নহয়, নিজৰ দেশৰ জনসাধাৰণক ডদ্দেশ্য কৰিহে কৈ থকা হৈছে৷ সৰল অর্থত ক’বলৈ গ’লে, চীনৰ শাসকে নিজ দেশৰ জনসাধাৰণৰ মাজত কৃত্রিমভাৱে জাতীয়তাবাদৰ সৃষ্টি কৰিব বিচাৰিছে৷ কোনো এখন দেশত চৰকাৰ বা ৰাষ্ট্রৰ শাসন ব্যৱস্থাই তেতিয়াহে এনে কৌশল লয়, যেতিয়া দেশত স্থিতাৱস্থাৰ ওপৰত সংকট নামি আহে বা সংকটৰ দিশে গতি কৰে৷ এতিয়া চীনৰ জনগণ ভাৰতক লৈ ব্যস্ত হৈ থাকিব৷ তাৰ বাবে যিমানখিনি মচলাৰ দৰকাৰ, চীন চৰকাৰে সংবাদ মাধ্যমৰ জৰিয়তে দেশখনৰ জনসাধাৰণক যোগান ধৰি থাকিব৷ কোৱা হ’ব, গালৱানত চীন নহয়, ভাৰতে সীমান্ত ডলংঘা কৰি চীনৰ সার্বভৌমত্বৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে৷ ১৫–১৬ জুনৰ নিশাটোত এবাৰ নহয় দুবাৰকৈ সীমা অতিক্রমি ভাৰতীয় সেনাই চীনৰ সেনা শিবিৰত আক্রমণ কৰিছে৷ সেই আক্রমণৰ প্রত্যুত্তৰ দিবলৈ চীন সক্ষম৷ দৰকাৰ হ’লে ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ইয়াৰ পোতক তোলা হ’ব৷ চীনৰ সার্বভৌমত্ব ৰক্ষা কৰা হ’ব৷
চীনৰ শাসকে নিজ দেশৰ নাগৰিকক জাতীয়তাবাদৰ একধৰণৰ মায়াজালেৰে বছৰ বছৰ ধৰি বান্ধি ৰাখিবলৈ সক্ষম হৈছে৷ আৰু যিয়ে এই মায়াজাল ফালি প্রকৃত বাস্তৱৰ দিশে যাব বিচাৰে, তেওঁক বা তেওঁলোকক শক্তিৰে পিষ্ট কৰা হয়৷ এই কথাটো আমেৰিকা যুক্তৰাষ্ট্রৰ হেনৰী কিছিঞ্জাৰৰ ‘অন চাইনা’ নামৰ কিতাপখনত স্পষ্টকৈ প্রতিফলিত হৈছে৷ স্বাধীনতা লাভৰ বহু বছৰলৈ বহিঃজগতৰ সৈতে চীনৰ সুসম্পর্ক নাছিল বুলিয়েই ক’ব পাৰি৷ বিশ্বৰ অতি সীমিতসংখ্যক দেশত চীনৰ দূতাবাস স্থাপন হৈছিল৷ তেনে সময়তে ১৯৭১ চনত আমেৰিকাৰ ৰাষ্ট্রপতি ৰিচার্ড নিকচনে হেনৰী কিছিঞ্জাৰক চীনলৈ পঠিয়াইছিল৷ তেওঁ চীন যাত্রাৰ কাহিনী ‘অন চাইনা’ত লিপিবদ্ধ কৰিছে৷ কিতাপখনত তেওঁ লিখিছে যে অন্য দেশে নিজৰ ৰাষ্ট্র নাম জাতি বা ভৌগোলিক অৱস্থানক প্রতিনিধিত্ব কৰি দিয়ে৷ কিন্তু চীনে নিজৰ দেশখনৰ নাম দিছেZhongguo অর্থাৎ মধ্য সাম্রাজ্য৷ ইয়াৰ মনস্তত্ত্ব হ’ল, বিশ্বত আমিয়েই হ’ম প্রধান শক্তি৷ ৰাষ্ট্রখনে এই ধৰণৰ জাতীয়তাবাদৰ আফিং খুৱাই দেশখনৰ জনসাধাৰণক মন্ত্রমুগ্ধ কৰি ৰাখিবলৈ চেষ্টা চলাই আহিছে৷ কিন্তু ক’ৰোনা ভাইৰাছসৃষ্ট পৰিৱেশে দেশখনৰ পৰা সেই মায়াজালখনৰ প্রভাৱ নাইকিয়া কৰাৰ সম্ভাৱনা এটাৰ সৃষ্টি কৰিছে৷ আজিৰ তাৰিখত চীনৰ অর্থনীতি মহাসংকটত৷ ৰপ্তানিকেন্দ্রিক অর্থনীতিৰ ৰাষ্ট্রখনে ক’ৰোনা ভাইৰাছৰ সংক্রমণ, লকডাডন আদিৰ কাৰণে বিশ্বৰ দেশে দেশে লাভ কৰা বজাৰখনলৈ সামগ্রী ৰপ্তানি কৰিব পৰা নাই৷ ক’তোৱেই চাহিদা নাই৷ এনে অৱস্থাত অর্থনীতিয়ে দেশখনৰ জাতীয় জীৱনত কি প্রভাৱ পেলাব পাৰে, সেইটো সহজে অনুমেয়৷ ‘ফিনান্সিয়েল টাইমছ’ৰ মতে, বিগত মার্চত দেশখনৰ ঘৰুৱা বজাৰত কুৰি শতাংশ বিক্রী হ্রাস পাইছে৷ চহৰাঞ্চলত নিবনুৱাৰ হাৰ ছয় শতাংশৰো অধিক হৈছে৷ ৰপ্তানি হ্রাস পাইছে প্রায় ১৪ শতাংশ৷ আভ্যন্তৰীণ বজাৰত চাহিদা কমিছে৷ সঁচা অর্থত অর্থনীতিয়ে দেশখনক এটা সংকটপূর্ণ ভৱিষ্যতলৈ লৈ গৈছে৷ জনসাধাৰণৰ মাজত ৰাষ্ট্র ব্যৱস্থাৰ ওপৰত আস্থা কমি আহিবলৈ আৰম্ভ কৰিছে৷ ইয়াক যদি এতিয়াই প্রতিৰোধ কৰা নহয়, অনাগত দিনত চীনৰ প্রান্তে প্রান্তে হংকংসদৃশ পৰিস্থিতিৰ ডদ্ভৱ হ’ব পাৰে৷ আনহাতে, আভ্যন্তৰীণ সুস্থিৰতা বজাই ৰাখিব নোৱাৰিলে, আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত দেশখনৰ সন্মুখত সমসা যিদৰে দিনকদিনে বাঢ়িব ধৰিছে, সেইবোৰ মোকাবিলা কৰাটো চীনৰ পক্ষে দুৰূহ হৈ পৰিব৷ আমেৰিকাৰ সৈতে বাণিজ্যিক যুদ্ধখনে সময়ৰ গতিত কি ৰূপ লয়, সেইটোৰ কোনো নিশ্চয়তা নাই৷ ক’ৰোনা ভাইৰাছক লৈ আমেৰিকাৰ লগতে ইডৰোপীয় দেশৰ অসন্তুষ্টি আছেই৷ ইয়াত ভাৰতেও সমানেই অংশীদাৰ হৈ চীনক ৰঙা চকু দেখুৱাবলৈ এৰা নাই৷ গতিকে সকলো দিশৰ পৰা চালি–জাৰি চালে চীন এতিয়া গভীৰ সংকটত বন্দী বুলি ক’ব পাৰি৷ দেশখনে আমেৰিকা যুক্তৰাষ্ট্র বা ইডৰোপীয় দেশৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ অৱকাশ নাই৷ কিন্তু ভাৰতৰ সৈতে সংঘাতে আন্তঃৰাষ্ট্রীয় আৰু দেশৰ জনতাক সম্বোধন কৰাৰ সুযোগ এটা আনি দিব পাৰে৷ এই মুহূর্তত ভাৰতে যদি কূটনৈতিকভাৱে চীনক ঘেৰাও কৰিব পাৰে, চীনে নিজে পতা জালখনত নিজেই বন্দী হোৱাৰ সম্ভাৱনা আছে৷ কোনো কোনোৱে শেহতীয়া ডত্তেজনাময় পৰিস্থিতিত যুদ্ধৰ সম্ভাৱনা দেখিছে৷ কিন্তু চীনে যুদ্ধৰ পর্যায়লৈকে যোৱাৰ সম্ভাৱনা শূন্য বুলি ক’ব পাৰি৷ চীন হৈছে এখন বেপাৰী ৰাষ্ট্র৷ তেওঁলোকে পৰিস্থিতি এটাক কেতিয়াও তেনে পর্যায়লৈ লৈ নাযায়, য’ত বাণিজ্যিক সম্পর্কৰ সকলো দুৱাৰ বন্ধ হৈ পৰে৷ আজিৰ তাৰিখত বিশ্বৰ যিকোনো অর্থনৈতিক শক্তিৰ বাবে ভাৰত এখন বৃহৎ বজাৰ৷ প্রায় ৪৫ কোটি মধ্যবিত্তৰে ভৰা দেশখনত বেপাৰ কৰিবলৈ সকলো আগ্রহী৷ চীনেও ভাৰতৰ সৈতে কোটি কোটি ডলাৰৰ ব্যৱসায় কৰি আহিছে৷ ২০২০ চনৰ জানুৱাৰী–মার্চৰ তথ্য মতে, ভাৰতত স্মার্টফোনৰ বজাৰখনৰ প্রায় ত্রিশ শতাংশ জিওমি, ১৭ শতাংশ ভাইভো, ১২ শতাংশ অপ্পো আৰু ১৭ শতাংশ ৰিয়েলমিৰ দখলত৷ অর্থাৎ বজাৰৰ প্রায় আশী শতাংশই চীনৰ কোম্পানীৰ দখলত৷ ১৩০ কোটি জনসংখ্যাৰ দেশখনত এইদৰে চীনা কোম্পানীয়ে স্মার্টফোনৰ বজাৰখন দখল কৰি থৈছে৷ চীনা সামগ্রীৰ বিপণনৰ বাবে অমিতাভ বচ্চন, অক্ষয় কুমাৰ, শিল্পা চেট্টী, মহেন্দ্র সিং ধোনী, শচীন তেণ্ডুলকাৰৰ দৰে তাৰকাই বিজ্ঞাপনত ভাগ লয়৷ তদুপৰি, আর্থিক লাভৰ বাবেই ভাৰতে চীনৰ পৰা বুজন পৰিমাণৰ সামগ্রী আমদানি কৰে৷ দৰব তৈয়াৰৰ বাবে প্রয়োজনীয় ৰাসায়নিক ডপকৰণৰ সত্তৰ শতাংশ চীনৰ পৰা আহে৷ ভাৰতৰ ঘৰে ঘৰে থকা টিভিৰ বজাৰখনতো চীনৰ আধিপত্য অকল্পনীয়৷ আশী শতাংশ এল ই ডি পেনেল আহে চীনৰ পৰা৷ বিগত এবছৰত ভাৰতে চীনৰ পৰা একাশী হাজাৰ কোটি টকাৰ টিভি ডপকৰণ আমদানি কৰিছে৷ এয়াৰ কণ্ডিচনাৰৰ আশী শতাংশ কম্প্রেছাৰ চীনৰ পৰা অনা হয়৷ টিকটকৰ দৰে এপছৰ কথা ক’বই নালাগে৷ আনকি পেটিএম, বিগ বাস্কেট, বাইজুছ, অলা, ছুইগীৰ দৰে বিখ্যাত বিখ্যাত বাণিজ্যিক ব্রেণ্ডসমূহতো আছে চীনৰ বিনিয়োগ৷ স্বাভাৱিকতে, চীনে ভাৰতৰ এই বিশাল বজাৰখন হাতৰ পৰা ওলাই যোৱাটো নিবিচাৰিব৷ ভাৰতৰ বজাৰক লৈ সম্ভৱতঃ চীনৰ এটা ভুল ধাৰণা অথবা ধাৰণা আছে৷ দেশখনৰ ৰাজনৈতিক নেতৃত্বই ভাবে যে সংঘাত যিমানেই নহওক বা ভাৰতত চীনৰ সামগ্রী বর্জনৰ বাবে যিমানেই দাবী ডত্থাপন নহওক কিয়, ভাৰতীয় লোকে চীনৰ সামগ্রী এৰিব নোৱাৰে৷ হয়তো সেইবাবে চীনৰ সংবাদ–পত্র ‘গ্লোবেল টাইমছ’তো কটাক্ষ কৰি কোৱা হয় যে ভাৰতীয় লোকৰ জীৱনত চীনৰ সামগ্রী অত্যাৱশীয় সামগ্রী দৰে হৈ পৰিছে৷
ভাৰতৰ সৈতে চীনে যুগ যুগ ধৰি প্রতাৰণাৰ খেল খেলি আহিছে৷ জৱাহৰলাল নেহৰু–চৌ এন লাইৰ সেই মধুৰ সম্পর্কৰ সিপিঠিত ১৯৬২ চনৰ যুদ্ধখন লিপিবদ্ধ হৈ আছিল৷ এতিয়াও নৰেন্দ্র মোদী আৰু ঝি জিনপিঙৰ ব্যক্তিগত সম্পর্কৰ আনটো পিঠিত চীনে গালৱান লিখি দিলে৷ কিন্তু এইবাৰৰ পৰিৱেশ যেন অলপ ভিন্ন৷ চীনৰ আভ্যন্তৰীণ সংকটে দেশখনক ভুল সিদ্ধান্ত এটা ল’বলৈ প্রৰোচিত কৰা যেন লগিছে৷ কিয়নো, আজিৰ ভাৰত ১৯৬২ চনৰ ভাৰত নহয়৷ ভাৰত এতিয়া আন্তঃৰাষ্ট্রীয় মঞ্চতো যথেষ্ট প্রভাৱশালী৷ সামৰিক–মানসিক দিশতো বহু বেছি শক্তিশালী৷ গতিকে বেছিকৈ আগবাঢ়িলে বিপদে চীনকহে খেদিব পাৰে৷