নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধ্বংসী ৰূপ লৈছে লালী নদীৰ খহনীয়াই

নিয়মীয়া বাৰ্তা, ২৩ জুনঃ লালী নদীৰ বিধ্বংসী গৰাখহনীয়াত চপৰা চপৰে খহিছে বৰং কৃঞ্চপুৰস্থিত সামাজিক বনানীকৰণ বিভাগৰ শিমলু বাগান । ১৯৯৮ -৯৯ চনত চৰকাৰৰ সামাজিক বনানীকৰণ বিভাগে জোনাই মহকুমাৰ বৰং অঞ্চলৰ কৃঞ্চপুৰত শিমলু গছপুলি ৰোপণ কৰি বৃহৎ শিমলু বাগানৰ সৃষ্টি কৰিছিল। যোৱা এটা দশকৰ পৰাই লালী নদীৰ খহনীয়াত কৃঞ্চপুৰ শিমলু বাগানখনৰ মূল্যৱান গছবোৰ এফালৰ পৰা জাহ যাবলৈ ধৰে।

চৰকাৰৰ চুড়ান্ত অৱহেলা আৰু আওকনীয়া মনোভাবৰ বাবে বৰং কৃঞ্চপুৰস্থিত মূল্যৱান শিমলু বাগানখনত অব্যাহত থকা লালী নদীৰ গৰাখহনীয়াই কিছুদিন ধৰি তীব্ৰ ৰূপ ধাৰণ কৰিছে । যাৰফলত এফালৰ পৰা মূল্যৱান শিমলু গছবোৰ চকুৰ আগতে নদীৰ বুকুত জাহ গৈয়ে আছে । এইকেইদিনত ফেনেফুটুকাৰে বাঢ়ি অহা লালী নদীৰ কোবাল সোঁতৰ ফলত খহনীয়াৰ প্ৰকোপ অধিক বৃদ্ধি পাবলৈ ধৰিছে । দিনে নিশাই অবিৰাম গতিত সামাজিক বনানীকৰণৰ শিমলু বাগানৰ গছবোৰ নদীয়ে খহাই নি থাকিলে কৃঞ্চপুৰ শিমলু বাগানখন সম্পূৰ্ণভাৱে নদীৰ বুকুত জাহ যাবলৈ বেছি দিন নালাগিব । এনে পৰিস্থিতিৰ ফলত গালীঘাটৰ পৰা বৰং কৃঞ্চপুৰ হৈ কৰ্ণপুৰ সংযোগী লালী নদীৰ গাইড বান্ধলৈ আহিছে তীব্ৰ ভাবুকি । উক্ত গাইড বান্ধটো লালী নদীৰ খহনীয়াৰ কবলত পৰাৰ আশংকাত ভোগিছে বৰং অঞ্চলৰ কৃঞ্চপুৰ মিচিং, কৃঞ্চপুৰ বড়ো, বৰং আহোম, মজদুৰ, ১নং, ২ নং, ৩ নং চৰাইবাৰী, মধ্যপুৰ, পিপ’লগুৰী, তিনিসূঁতি, টাক’বুঢ়ীসূঁতি, তেলীজান, এৰাসূঁতি,মুক্তিয়াৰ, মদাৰগুৰি, ১ নং, ২ নং কৰ্ণপুৰ, বগৰীগুৰীৰ অঞ্চলকে ধৰি জোনাই মহকুমাৰ গালী চিকাৰী, লাইমেকুৰী আৰু ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ তিনি কুৰিৰো অধিক গাঁৱৰ গঞা ৰাইজে ।

You might also like