নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকৰ বিৰুদ্ধে যুদ্ধ চলালে ভাৰতক যোগ্য প্রত্যুত্তৰ দিয়াৰ হুংকাৰ কুৰেশ্বিৰ

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ পাকিস্তানৰ বিদেশ মন্ত্রী শ্বাহ মেহমুদ কুৰেশ্বিয়ে কালি পুনৰ ভাৰতলৈ সতর্কবাণী কৰি কৈছে যে প্রতিবেশী দেশখনে যদি কোনোধৰণৰ আক্রমণ কৰে তেন্তে ইয়াৰ যোগ্য প্রত্যুত্তৰ দিব ইছলামাবাদে৷ বাৰে বাৰে পাকিস্তানৰ ওপৰত ভাৰতে আক্রমণ চলাব পাৰে বুলি কুৰেশ্বিয়ে দাবী কৰি আহিছে যদিও এই সন্দর্ভত কোনোধৰণৰ প্রামাণিক তথ্য দিবলৈ সক্ষম হোৱা নাই৷

কুৰেশ্বিৰ মতে শেহতীয়াকৈ পূব লাডাখত ভাৰত–চীনৰ মাজত সৃষ্টি হোৱা সংঘর্ষৰ ঘটনাক অন্য দিশে গতি দিবলৈ পাকিস্তানৰ ওপৰত প্রতিবেশী দেশখনে আক্রমণ চলাব পাৰিব৷ লক্ষণীয়ভাৱে ভাৰত আৰু পাকিস্তানে দুয়োখন দেশৰ উচ্চায়ুক্তৰ কার্যালয়ত ৫০ শতাংশ কর্মী হ্রাস কৰাৰ সিদ্ধান্ত লৈছে৷

নতুন দিল্লীস্থিত পাক উচ্চায়ুক্তৰ কার্যালয়ৰ বহু কর্মী চোৰাংচোৱা বৃত্তিত জড়িত থকাৰ উপৰি এই কর্মীসকলে সন্ত্রাসবাদক উচটনি দি অহা বুলিও নতুন দিল্লীয়ে অভিযোগ কৰিছে৷ লগে লগে দুয়োখন দেশৰ কূটনৈতিক সম্পর্কলৈ নামি আহিছে অনিশ্চয়তা৷

You might also like