নিয়মীয়া বাৰ্তা, ২৫ জুনঃ বিগত এসপ্তাহ ধৰি মণিপুৰত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ অৱশেষত অৱসান ঘটিছে৷ মুখ্যমন্ত্রী বীৰেন্দ্র সিংঙৰ বিৰুদ্ধে অসন্তুষ্টি প্রকাশ কৰি চৰকাৰৰ পৰা আঁতৰি যোৱা নেচনেল পিপলছ পার্টী (এন পি পি)ৰ ৪ বিধায়কে বুধবাৰে চৰকাৰখনক পুনৰ সমর্থন দিয়াৰ কথা ঘোষণা কৰে৷
নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে টুইটযোগে মণিপুৰৰ ৰাজনৈতিক সংকট অৱসান ঘটাবলৈ উল্লেখ কৰাৰ লগতে এন পি পিৰ সহযোগত মণিপুৰত বিজেপি চৰকাৰে কার্যকাল সম্পূর্ণ কৰিব বুলিও প্রকাশ কৰে৷ উল্লেখ্য যে মণিপুৰৰ মুখ্যমন্ত্রী বীৰেন্দ্র সিঙৰ বিৰুদ্ধে অসন্তুষ্টি প্রকাশ কৰি শেহতীয়াকৈ এন পি পিৰ ৪ বিধায়কৰ লগতে বিজেপিৰ ৩ বিধায়ক তৃণমূল কংগ্রেছৰ এজন বিধায়কে চৰকাৰৰ পৰা সমর্থন প্রত্যাহাৰ কৰিছে৷ বীৰেন সিঙে স্বেচ্ছাচাৰিতা চলোৱাৰ অভিযোগেৰে চৰকাৰৰ পৰা এই ৮জন বিধায়ক আঁতৰি যোৱাৰ পিছতে সংকটৰ সন্মুখীন হৈছিল বিজেপি চৰকাৰখন৷ ৰাজনৈতিক সংকটত পৰা চৰকাৰখনক উদ্ধাৰ বাবে নেডাৰ আহ্বায়ক ড০ শর্মাৰ লগতে বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক ৰামমাধৱেও আলোচনা অব্যাহত ৰাখিছিল৷
অতি শেহতীয়াকৈ ড০ হিমন্ত বিশ্ব শর্মা আৰু এন পি পিৰ মুৰব্বী তথা মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈ যায়৷ এই বৈঠকৰ পাছতে এন পি পিৰ ৪ অসন্তুষ্টি বিধায়কক লৈ বুধবাৰে নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সৈতে এক আলোচনা অনুষ্ঠিত হয়৷ ড০ হিমন্ত বিশ্ব শর্মা, মুখ্যমন্ত্রী কনৰাড চাংমা আৰু ৰামমাধৱ উপস্থিত থকা এই বৈঠকত এন পি পিৰ ৪ বিধায়কে মণিপুৰৰ বিজেপি চৰকাৰক সমর্থন দিয়াৰ কথা ঘোষণা কৰে৷ বৈঠকত উপস্থিত থকা মণিপুৰৰ উপ–মুখ্যমন্ত্রী ৱাই জয় কুমাৰ সিঙে আনুষ্ঠানিকভাৱে চৰকাৰৰ প্রতি সমর্থনৰ কথা ঘোষণা কৰে৷