টুইটাৰত যুৱৰাজ–ৰবি শাস্ত্রীৰ বাকযুদ্ধ
নিয়মীয়া বাৰ্তা, ২৬ জুনঃ টীম ইণ্ডিয়াৰ এৰবি শাস্ত্রীৰ বাক্যুকালৰ ষ্টাইলিছ বাঁওহতীয়া বেটছমেন যুৱৰাজ সিং আৰু বর্তমানৰ মুখ্য প্রশিক্ষক ৰবি শাস্ত্রী আজি টুইটাৰত পুনৰ বাকযুদ্ধত লিপ্ত হয়৷ ১৯৮৩ত ভাৰতে লর্ডছত ঐতিহাসিক বিশ্বকাপ জয় কৰাৰ ৩৭ বছৰ সম্পূর্ণ হোৱা উপলক্ষে যুৱৰাজ সিঙে টুইট কৰা এক শুভেচ্ছাবাণীক লৈ শাস্ত্রীয়ে প্রাক্তন তাৰকাগৰাকীক কটাক্ষ কৰে৷
‘আজি এই দিনটোতে আমাৰ জ্যেষ্ঠসকলে ১৯৮৩ৰ ক্রিকেট বিশ্বকাপ জয় কৰি দেশবাসীক গৌৰৱান্বিত কৰিছিল৷ ১৯৮৩ৰ বিশ্ববিজয়ী দলটোৰ প্রতিগৰাকী সদস্যক অভিনন্দন জনাইছোঁ৷ আপোনালোকে আমাৰ বাবে এক সফলতাৰ পথ তৈয়াৰ কৰিছিল৷ আশা কৰোঁ যে ভাৰতে সকলো ক্রীড়াত বিশ্ব চেম্পিয়ন হৈ থাকিব৷’– যুৱৰাজে টুইটাৰত এইদৰে কয়৷
ইয়াৰ পিছতে ৰবি শাস্ত্রীয়ে যুৱৰাজৰ টুইটৰ উত্তৰ দি কয় যে ধন্যবাদ জুনিয়ৰ৷ তুমি মোক আৰু কপিল দেৱকো টেগ কৰিব পাৰিলাহেঁতেন৷ শাস্ত্রীৰ প্রতিক্রিয়াৰ উত্তৰ যি যুৱৰাজে কয়– আপুনি খেলপথাৰৰ ভিতৰে–বাহিৰে এগৰাকী কিংবদন্তি ব্যক্তি৷ কপিল দেৱো এক পৃথক ব্যক্তিত্বৰ অধিকাৰী৷ আপোনালোকক টেগ কৰাৰ প্রয়োজন নাই৷
উল্লেখ্য যে ২০১১ৰ বিশ্বজয়ৰ ৯ বছৰ সম্পূর্ণ হোৱা উপলক্ষে কিছুদিন পূর্বে শাস্ত্রীয়ে টুইটাৰত শুভেচ্ছা দিয়াৰ সময়ত যুৱৰাজক টেগ নকৰাক লৈও দুয়োৰে মাজত বাকযুদ্ধ হৈছিল৷