সমগ্ৰ ৰাজ্যতেই সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্য আইন জাৰি
নিয়মীয়া বাৰ্তা, ২৬জুনঃ আজিৰে পৰা ৰাজ্যত সন্ধিয়া ৭ বজাৰ পৰা কাইলৈ পুৱা ৭ বজালৈ সান্ধ্য আইন জাৰি । পূৰ্বতে কিছু শিথিল কৰি নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছিল। ইতিমধ্যে সান্ধ্য আইন কঠোৰভাৱে পালন কৰিবলৈ প্ৰশাসনক নিৰ্দেশ ৰাজ্য চৰকাৰৰ।
কিন্তু ক্ৰমান্বয়ে বৃদ্ধি পোৱা ক’ৰোনা আক্ৰান্তই পুনৰ লক ডাউনৰ পৰ্যায়লৈ লৈ গ’ল ৰাজ্যখনক। ক’ৰোনাৰ শৃংখল ভংগ কৰিবৰ বাবে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। সন্ধ্যা প্ৰায় ৫ বজাতেই সকলো দোকান-পোহাৰ বন্ধ কৰাৰ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
লক ডাউন শিথিল হোৱাৰ পাছতে একাংশ লোকে কোনোধৰণৰ সামাজিক দূৰত্বকে ধৰি মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰিছিল। কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰিছিল একাংশ কভিড আক্ৰান্ত ৰোগী। সামাজিক সংক্ৰমণ ৰোধ কৰাৰ বাবে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। সকলোকে লক ডাউনত ঘৰতে আৱদ্ধ কৰি ৰাখিবলৈও আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে।