দেশত এদিনতে আক্রান্ত ১৭,২৯৬ ব্যক্তি
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ প্রাণঘাতী ক’ভিড–১৯ৰ সংক্রমণে শেহতীয়াকৈ ভাৰতত ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ দেশখনত কালিৰ দিনটোত নতুনকৈ সংক্রমিত হৈছে অভিলেখসংখ্যক ১৭,২৯৬গৰাকী লোক৷ ইফালে, দেশখনত মুঠ সংক্রমিত লোকৰ সংখ্যাই ৫ লাখ অতিক্রম কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ তথ্য অনুসৰি দেশখনত ২,৮৫,৬৩৭গৰাকী লোক সুস্থ হৈ উঠিছে৷ তাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ১৫,৪২৪গৰাকীলৈ৷ মাত্র কিছুদিন পূর্বে ক’ভিড–১৯ৰ সংক্রমণৰ হাৰ হ্রাস পাব বুলি স্বাস্থ্য মন্ত্রালয়ে ধাৰণা কৰিছিল যদিও ৰাজধানী নতুন দিল্লীকে ধৰি বিভিন্ন স্থানত ক’ভিড সংক্রমিত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ৰাজধানী দিল্লীত ক’ভিড আক্রান্ত লোকৰ সংখ্যাই ৭৪,০০০ অতিক্রম কৰিছে৷ অৱশ্যে মুখ্যমন্ত্রী কেজৰিৱালে ক’ভিড আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পালেও পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি আজি ঘোষণা কৰিছে৷ এখন সংবাদ মেলত দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে যে পূর্বৰ তুলনাত ক’ভিড পৰীক্ষা তিনিগুণ বৃদ্ধি কৰা হৈছে কেন্দ্রীয়শাসিত ৰাজ্যখনত৷ অৱশ্যে ইয়াৰ মাজতে প্রতিদিনে গড় তিনি হাজাৰকৈ লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ আনহাতে, মহাৰাষ্ট্রত আজিৰ দিনটোৰ ভিতৰতে ৫ হাজাৰৰো অধিক লোক ক’ৰোনাত আক্রান্ত হৈছে৷