কংগ্রেছৰ জ্যেষ্ঠ নেতা আহমেদ পেটেলক ইডিৰ জেৰা
নিয়মীয়া বার্তা, ২৮ জুনঃ দেশৰ ৰাজধানী নতুন দিল্লীস্থিত বাসভৱনত কংগ্রেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ আহমেদ পেটেলক জেৰা কৰে এনফ’চমেণ্ট ডিৰেক্টৰেটে (ইডি)৷ ষ্টাৰলিং বায়’টেক লিমিটেডৰ ৫ হাজাৰ কোটি টকীয়া মনি লণ্ড্রিং গোচৰত আজি পুৱা সাংসদগৰাকীক জেৰা কৰে ইডিয়ে৷ ষ্টাৰলিং বায়’টেক লিমিটেডৰ স্বত্বাধিকাৰী পলাতক চন্দেশাড়া ভাতৃদ্বয়ৰ সৈতে অবৈধ ধনৰ লেনদেন গোচৰত জড়িত থকাৰ অভিযোগতেই কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীৰ ঘনিষ্ঠ জ্যেষ্ঠ নেতা আহমেদ পেটেলক ইডিয়ে জেৰা কৰাৰ পিছতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
ভাৰতৰ পৰা পলায়ন কৰি নীতিন আৰু চেতন সন্দেশাড়াই বর্তমান নাইজেৰিয়াত বাহৰ পাতি আছে৷ উল্লেখ্য যে এই গোচৰত ইডিয়ে কংগ্রেছ নেতা পেটেলক চমন জাৰি কৰিছিল যদিও ক’ভিড–১৯ নির্দেশনাৰ বাবে ইডিৰ সন্মুখত হাজিৰ হ’ব পৰা নাছিল কংগ্রেছ নেতাগৰাকী৷ ইয়াৰ বাবেই আজি ইডিয়ে পেটেলৰ বাসভৱনলৈ গৈ গোচৰ সন্দর্ভত জেৰা কৰি তেওঁৰ স্বীকাৰোক্তি লিপিবদ্ধ কৰে৷ তাৎপর্যপূর্ণ যে গুজৰাটস্থিত ষ্টাৰলিং বায়’টেক লিমিটেডে অন্ধ্র বেংকৰ পৰা ৫ হাজাৰ কোটি টকাতকৈ অধিক ঋণ লৈছিল আৰু সেই সময়তে পেটেলে কোম্পানীটোক মনি লণ্ড্রিঙত সহযোগ কৰিছিল৷