নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজোপা আচৰিত গছ, যাক কাটিলে ওলাই মানুহৰ দৰে তেজ… পিচে ইয়াৰ আঁৰৰ ৰহস্য কি ?

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ প্ৰাণীৰ দৰে উদ্ভিদৰ দেহতো প্ৰাণ থাকে বুলি কোৱা হয় যদিও প্ৰাণীৰ দৰে উদ্ভিদৰ প্ৰাণ থকা কথাটো প্ৰত্যক্ষ ভাৱে দেখা পোৱা নাযায়। প্ৰাণী দেহৰ দৰে উদ্ভিদৰ দেহত ৰক্ত বা তেজ নাথাকে। কিন্তু এনে এবিধ উদ্ভিদৰ আছে যি জোপা কাটিলে তেজৰ দৰে পদাৰ্থ ওলায়।

  দক্ষিণ আফ্ৰিকাত পোৱা এই গছ বিধৰ নাম হৈছে “ব্লাড উদ ট্ৰী”। এই গছবিধ মোজাম্বিক, নামিবিয়া, টানজানিয়া, আদি দেশ সমূহত পোৱা। এই গছজোপা কেৱল কাটিলেই নহয় ইয়াৰ ডাল বা অন্য অংশ ভাঙিলেও তেজৰ দৰে তৰল পদাৰ্থ ওলায়।

  এই বিৰল গছবিধৰ উচ্চতা ১২‌ৰ পৰা ১৮ মিটাৰ পৰ্যন্ত হয় লগতে ইয়াৰ পাতবোৰ ঘন আৰু হালধীয়া ৰঙৰ ফুল ফুলে। এই গছৰ কাঠো বিভিন্ন ধৰণৰ আচবাব নিৰ্মাণত ব্যৱহাৰ কৰা হয়।

   কিছুলোকে এই গছক যাদুকৰী বুলি মানে। কাৰণ বহু ৰোগত ইয়াক ঔষধ ৰূপে ব্যৱহাৰ কৰা হয়। বিভিন্ন তেজৰ সম্বন্ধীয় ৰোগৰ চিকিৎসাত ইয়াক ব্যৱহাৰ কৰা হয়।

উল্লেখ্য যে, দাতৰ পৰা আৰম্ভ কৰি ,পেটৰ নানা সমস্যা,মেলেৰীয়া আৰু গুৰুতৰ আঘাতৰ বাবে ই এবিধ মহৌষধ।

You might also like