ৰজামায়ঙৰ পথৰ দুৰৱস্থাঃ স্থানীয় যুৱকে মেৰামতি কৰিলে পথ
নিয়মীয়া বাৰ্তা, ২ জুলাইঃ জাগীৰোড সমষ্টিৰ মায়ং গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাজমায়ং গাঁওৰ ৩নং ৱাৰ্ডৰ সৰু বৰুৱাচুবুৰীৰ একমাত্ৰ পথটোৰ দুৰাৱস্থাই জ্বলাকলা খুৱাইছে স্থানীয় লোকক। বছৰটোৰ ৬ মাহেই বোকা হৈ থকা হেতুকে মায়ঙৰ এই চুবুৰীৰ লোক সকলে জীয়াতু ভুগিব লগা হৈছে। পথটোৰে নাযায় কোনো গাড়ী মটৰ তথা চাইকেল। ছাত্ৰ ছাত্ৰী, বৃদ্ধ লোকৰ আহ-যাহটো অতি সমস্যা। একাঠু বোকা ভাঙি স্থানীয় ৰাইজে অহা যোৱা কৰিব লগা হৈছে। অভিযোগ অনুসৰি সময়ে সময়ে বহু বাৰ স্থানীয় মায়ং পঞ্চায়ত তথা জিলা প্ৰশাসনক এই পথছোৱাৰ দুৰৱস্থাৰ বাবে আবেদন কৰিছিলে। কিন্তু আজিলৈকে কোনেও এই পথটো মেৰামতিৰ ব্যৱস্থা নকৰিলে। পবিতৰাৰ গাতে লাগি থকা এই পথটোক ঢুকি পোৱা নাই কোনো আঁচনিয়ে। ফলত আজি গাঁৱৰ যুৱকসকল উপায়ন্তৰ হৈ পথতো নিজেই মেৰামতিৰ বাবে উলাই আহিল। স্থানীয় যুৱকসকলে দিনটো শ্ৰ্মদান কৰি পথছোৱা কিছু সুচল কৰে যদিও চৰকাৰক অতি শীৰ্ঘে পথছোৱা মেৰামতিৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায়।