মুফটি খাইৰুল ইছলামৰ জানাজা প্ৰসংগঃ জিলা প্ৰশাসনৰ বিৰুদ্ধে কংগ্ৰেছ নেতাৰ এজাহাৰ দাখিল
নিয়মীয়া বাৰ্তা,৮ জুলাই: মুফটি খাইৰুল ইছলামৰ জানাজাত বৃহৎ সংখ্যক লোক সমাবেত হোৱাৰ প্ৰসংগত কালি সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ লগতে তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত ধিঙৰ ৰাজহ চক্ৰ বিষয়াৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু হৈছিল।ইয়াৰ পিচতেই আজি মৃনাল হাজৰিকা নামৰ এজন লোকে নগাঁও জিলা প্ৰশাসন,দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।
এজাহাৰত উল্লেখ থকা মতে কভিড-১৯ সংক্ৰমণ ৰোধৰ হেতু কোনো মৃতদেহ সৎকাৰ অথবা জানাজাৰ অনুষ্ঠানত ২০ জনৰ অধিক লোক সমবেত হব নোৱাৰিব বুলি চৰকাৰীভাবে নিষেধাজ্ঞা জাৰি কৰি থোৱা হৈছে।এনে ক্ষেত্ৰত এই নিষেধাজ্ঞাক অমান্য কৰি যোৱা ২ জুলাইত মুফটি খাইৰুল ইছলামৰ জানাজাত বৃহৎ সংখ্যক লোক সমবেত হোৱাটো আশ্চৰ্যকৰ।নগাঁও জিলা প্ৰশাসনে এই ক্ষেত্ৰত মহামাৰী নিয়ন্ত্ৰণ নীতি-নিৰ্দেশনা কিয় মানি নচলিলে।প্ৰশাসনে ইচ্ছা কৰা হলে ১৪৪ ধাৰা জাৰি কৰি জানাজাত বৃহৎ সংখ্যক লোক সমবেত হোৱাত বাধা দিব পাৰিলেহেঁতেন।নগাঁও জিলা প্ৰশাসনে উচ্চ পৰ্যায়ৰ ধৰ্মীয় গুৰু জনৰ জানাজাত বৃহৎ সংখ্যকলোক সমাবেত হোৱাটো পূৰ্বানুমান কৰিব লাগিছিল আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে তাৎক্ষণিকভাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল।কিন্তু এই ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হ’ল।তদুপৰি বিশিষ্ট ধৰ্ম গুৰু গৰাকীৰ জানাজা অনুষ্ঠানত কোনো ধৰণৰ দণ্ডাধীশ দেখা নগল ।
জিলা প্ৰশাসনৰ এনেধৰণৰ অৱহেলাৰ বাবেই জানাজাৰ স্থানত বৃহৎ সংখ্যক লোকৰ সমাগম হ’ল ।এই সমাগমে এই মহামাৰীৰ দুৰ্যোগৰ সময়ত নগাঁও বাসীৰ স্বাস্থ্যৰ বাবে আতংক কঢ়িয়াই আনিছে।সেয়ে মৃনাল হাজৰিকাই নগাঁও জিলা প্ৰশাসন,দুৰ্যোগ ব্যৱস্থাপনা সমিতি আৰু ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।উল্লেখযোগ্য যে এজাহাৰকাৰী মৃনাল হাজৰিকা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক।