নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নৱ শৰণীয়াই ক’ত কেতিয়া তেওঁৰ অস্ত্ৰ সম্বৰণ কৰিছে ৰাজহুৱা কৰক’: সাংসদ দৈমাৰী

নিয়মীয়া বাৰ্তা, ৯ জুলাই: বিটিচিৰ নিৰ্বাচনী তৎপৰতা ক্ৰমে আকৰ্ষণীয় হৈ পৰিছে। কালি চিৰাং জিলাৰ কাশীকোত্ৰাত এখন দলীয় সভাত ভাগ লোৱাৰ অন্তত বিপিএফ দলৰ নেতা তথা ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া আৰু ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসক ৰাজনৈতিক ভাবে তীব্ৰ সমালোচনা কৰে । মিত্ৰতা সম্পৰ্কে বিজেপি দলৰ হাই কমাণ্ড আৰু বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ মাজত পোনপটীয়া যোগাযোগ থকা বিষয়টো দাঙি ধৰি পূৰ্বৰ দৰেই দল দুটাৰ মিত্ৰতা অব্যাহত আছে আৰু থাকিব বুলি কয় ।

ৰঞ্জিত দাস যদিও ৰাজ্যিক বিজেপি সভাপতি তেওঁক হাইকমাণ্ডে কথাবোৰ নজনাবও পাৰে বুলি মন্তব্য কৰাৰ উপৰি বিটিচিৰ নিৰ্বাচনত বিপিএফ আৰু বিজেপি দলে নিজৰ নিজৰ দলীয় প্ৰাৰ্থী যুঁজত নমোৱা মানে মিত্ৰতা নথকা নুবুজাই আৰু ৰাজ্যিক সভাপতি জনে দলীয় হাইকমাণ্ডৰ বহু কথাই জ্ঞাত নহয় বুলি সাংসদ জনে কয় । কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই সংবাদ মাধ্যমত সঘনাই বিটিএডিত অবৈধ অস্ত্ৰ মজুত থকাৰ বিষয়ে মন্তব্য কৰি পাকে প্ৰকাৰে হাগ্ৰামা মহিলাৰী তথা বিপিএফ দলক সমালোচনাৰ লক্ষ্য কৰি লোৱা বিষয়টো সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীয়ে নৱ কুমাৰ শৰণীয়া ওৰফে হীৰা শৰণীয়াই তেওঁৰ হাতত থকা আলফাৰ অস্ত্ৰ আনুষ্ঠানিক ভাৱে কাক ক’ত আৰু কেতিয়া গতাই দিছে তাক ৰাজহুৱাভাৱে প্ৰকাশ কৰিবলৈ সাংসদ দৈমাৰীয়ে প্ৰত্যাহ্বান জনাই।

হাগ্ৰামা মহিলাৰী,চন্দন ব্ৰহ্ম আৰু খাম্ফা বৰগয়াৰীয়ে ২০০৩ চনত মূল সূঁতিলৈ উভতি আহি বিটিচি চুক্তিত স্বাক্ষৰ কৰাৰ লগতে সেই বৰ্ষৰে ৬ ডিচেম্বৰত ৰাজহুৱা ভাৱে তেওঁলোকৰ হাতত থকা অস্ত্ৰ সম্বৰণ কৰাৰ চৰকাৰী তথ্য প্ৰমাণ আছে আৰু বিষয়টো সকলোৰে জ্ঞাত বুলি মন্তব্য কৰে । পিছে সাংসদ শৰণীয়াৰ বিষয়ে কোনো কথা তেওঁ নাজানে বুলি কোৱাৰ লগতে নৱ কুমাৰ শৰণীয়াই অস্ত্ৰ সম্বৰণ কৰা বিষয়টো অসমৰ আৰক্ষী সঞ্চালক প্ৰধানক সুধিবলৈ সংবাদ মাধ্যমক আহ্বান জনাইছে । বিপিএফ নেতা তথা দলৰ কৰ্মীৰ হাতত কোনো অবৈধ অস্ত্ৰ নথকাৰ বিপৰীতে নৱ শৰণীয়াৰ হাততহে অবৈধ অস্ত্ৰ আছে বুলি সাংসদ দৈমাৰীয়ে সমালোচনা কৰি তেওঁৰ হাতত থকা অবৈধ অস্ত্ৰ জমা দিবলৈ সাংসদ দৈমাৰীয়ে নৱ কুমাৰ শৰণীয়াক আহ্বান জনাইছে । এটা মাৰণাস্ত্ৰ জমা দিলে অন্তত বিটিচিত কেইজনমান কমকৈ হত্যাৰ বলি হ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । সাংসদ দৈমাৰীয়ে বিটিএডিৰ সকলো উগ্ৰপন্থী সদস্যই মূল সূঁতিলৈ ঘূৰি অহা নাই তথা বৰ্তমানেও একাংশৰ হাতত অস্ত্ৰ মজুত থকা কথাটো স্বীকাৰ কৰে। সেই সমূহ উদ্ধাৰ কৰাৰ বাবে আৰক্ষী, সেনা , তথা চোৰাংচোৱা আৰু নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে বুলিও তেওঁ মন্তব্য কৰে । আনফালে ২০২১ বৰ্ষত অনুষ্ঠিতব্য ৰাজ্য বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি একাংশ ৰাজনৈতিক দল তথা নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰখনত ক্ষমতা দখলৰ সপোন দেখা সকলে মহামাৰী ক’ৰোনাকো ৰাজনৈতিক আহিলা হিচাপে গন্য কৰিবলৈ লোৱাৰ বাবেই হয়তো বিটিচিৰ ৰাজনৈতিক ক্ষেত্ৰখনো অধিক উৎফুল্লিত হৈ পৰিছে। যাৰ বাবে বিপিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৰাজনৈতিক নেতাৰ বাবে ক’ৰোনাতকৈও ৰাজনীতি অধিক গুৰুত্ব পূৰ্ণ বুলি মন্তব্য কৰে ।

ক’ৰোনা ভাইৰাছৰ সংক্ৰমনক ভয় কৰি ৰৈ থাকিলে নহ’ব বুলি উল্লেখ কৰি কয় যে কোভিড-১৯’ৰ পৰিৱেশ কিছুু স্বাভাবিক হোৱা মাত্ৰেই যিকোনো মুহূৰ্ততে বিটিচিত ভোট গ্ৰহনৰ দিন ঘোষণা হ’ব পাৰে। তেতিয়া ৰাজনৈতিক দলৰ বাবে সময়ৰ নাটনি হ’ব। কৃষিৰ বতৰত যিদৰে কৃষক সকলে ধুমুহা, বজ্ৰপাত আৰু বানপানীৰ ভয়ত ঘৰত সোমাই নাথাকি পথাৰত নামি পৰিছে, তেনেদৰে বিটিচিৰ নিৰ্বাচনী বিধি মানি ৰাজনৈতিক দলবোৰেও নিজৰ নিজৰ প্ৰচাৰ চলাই গৈছে । ৰাজনৈতিক নেতাৰ বাবে ৰাজনীতিয়ে পেছা বুলি সাংসদ দৈমাৰীয়ে মন্তব্য কৰে। বতৰৰ কাম বতৰত নকৰিলে সকলো কষ্ট অথলে যাব বাবে বিপিএফ দলে ক’ৰোনা সংক্ৰমন ৰোধৰ সকলো ব্যৱস্থা গ্ৰহণ কৰি দলীয় কাৰ্যসূূচী অব্যাহত ৰাখিছে বুলি জনায়। বিপিএফ দলৰ অন্যান্য নেতা সকলে সঘনাই দাবী কৰি অহাৰ দৰেই বিশ্বজিৎ দৈমাৰীয়েও আজিৰ তাৰিখত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ’লে বিপিএফ দলে ৩০খনৰ অধিক আসনত জয়লাভ কৰিব বুলি মন্তব্য কৰে যদিও পূৰ্বৰ তুলনাত এইবাৰৰ বিটিচিৰ নিৰ্বাচনে সকলো দলৰ বাবেই অধিক প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে বুলি ৰাজনৈতিক ভাৱে সচেতন সকলৰ মাজত সৰব চৰ্চা চলিছে ।।

You might also like