নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেলাম কৰৈবাৰীত তীব্ৰ ৰূপ ধাৰণ কৰিছে দিখাৰী নৈয়ে; জনপ্ৰতিনিধিক ব্যৱস্থা গ্ৰহণৰ দাবী

নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ তেলাম কৰৈবাৰীত তীব্ৰ ৰূপ ধাৰণ কৰিছে দিখাৰী নদীৰ খহনীয়া। দুদিন ধৰি দি থকা ধাৰাষাৰ বৰষুণৰ ফলত দিখাৰী নদীৰ জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰাত তেলাম গাওঁ পঞ্চায়তৰ ২ নং কৰৈবাৰী গাঁৱত খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। যোৱা পাঁচ বছৰৰ পৰা অব্যাহত থকা দিখাৰী নদীৰ খহনীয়াৰ প্ৰকোপ অধিক বৃদ্ধি পাই কালি আৰু আজি চপৰা চপৰে খহিবলৈ ধৰিছ।

দিখাৰী নদীৰ খহনীয়াৰ কবলত যোৱা চাৰিটা বছৰৰ ভিতৰত ২ নং কৰৈবাৰীৰ কাতিৰাম বসুমতাৰী, অথা বসুমতাৰী, দেবা বসুমতাৰী, দেউৰী বসুমতাৰী, ধনবাহাদুৰ
ছেত্ৰী, ৰতন বসুমতাৰী, প্ৰেম বাহাদুৰ শৰ্মা, সুকুৰাম গয়াৰী, ৰত্নেশ্বৰ গয়াৰী, অনিল বসুমতাৰী, কাশীৰাম বসুমতাৰী, কুমুদ দৈমাৰী, সোণাৰাম স্বৰ্গীয়াৰী,ৰেবতি বড়োৰ পৰিয়ালৰ ঘৰভেটি, বাৰীমাটি নদীৰ বুকুত বিলীন গৈছে। ইয়াৰোপৰি কৰৈবাৰী প্ৰাথমিক বিদ্যালয়,কৰৈবাৰী লক্ষ্মী মন্দিৰৰ লগতে সৌৰাং আত্মসহায়ক গোটৰ চল্লিশ বিঘা ভূমি দিখাৰী নদীৰ খহনীয়াত নিঃশেষ হৈছে। যোৱা কালিৰ পৰা তীব্ৰ ৰূপ ধাৰণ কৰা দিখাৰী নদীৰ খহনীয়াই ২ নং কৰৈবাৰীৰ কেবাটাও পৰিয়ালৰ বাৰীমাটি, বাঁহনি খহাই নিয়ে।

তাৎক্ষনিকভাবে প্ৰতিৰোধৰ ব্যৱস্থা হাতত নললে দিখাৰী নদীৰ খহনীয়াই মেঘনাথ বৰ্মণ, বিচু ক্ষত্ৰিয়, গোপাল বৰ্মণ, বিনন্দ বৰ্মন,কদম বাহাদুৰ থাপা, ৰাজু ছেত্ৰী, গোপাল প্ৰধান, সুনীল প্ৰধান, চক্ৰ বাহাদুৰ থাপা, কৃঞ্চমায়া ছেত্ৰী, কুলবাহাদুৰ ছেত্ৰী, জগত শৰ্মা, সত্যবাহাদুৰ ছেত্ৰী, ভীমবাহাদুৰ ছেত্ৰী, বিক্ৰম ছেত্ৰীৰ ঘৰভেটি, বাৰীমাটি নদীৰ বুকুত বিলীন যোৱাৰ সম্ভাৱনা দেখা গৈছে । স্থানীয় ৰাইজে জনপ্ৰতিনিধি, চৰকাৰ, প্ৰশাসনক শীঘ্ৰে দিখাৰী নদীৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত লবলৈ দাবী জনাইছে ।

You might also like