নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমগুৰিত বাঁহ বান্ধি শ্মশানৰ পথ বন্ধ কৰিলে ৰাইজে

নিয়মীয়া বাৰ্ত‍া, ১০ জুলাইঃ ক’ভিড–১৯ত আক্রান্ত এগৰাকী লোকৰ অন্তিম সৎকাৰৰ ক্ষেত্রত আমগুৰি প্রশাসনে অবিবেচক সিদ্ধান্ত গ্রহণৰ অভিযোগত স্থানীয় লোকে শ্মশানৰ পথ বন্ধ কৰি দিয়া কার্যই আমগুৰিৰ ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে৷ উল্লেখ্য যে আমগুৰি নগৰৰ পৰা প্রায় ১০ কিলোমিটাৰ নিলগৰ অসম–নাগালেণ্ড সীমান্তৱর্তী টিফুক চাহ বাগিচাৰ মণিকা ভূমিজ (১৯) শৰীৰত যোৱা ৭ জুলাইত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছত ভূমিজক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যায়লৈ প্রেৰণ কৰা হৈছিল৷ জানিব পৰা মতে, যোৰহাট চিকিৎসা মহাবিদ্যালয়তে কালি নিশা তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ পাছত আমগুৰিৰ স্থানীয় প্রশাসনে মণিকা ভূমিজৰ অন্ত্যেষ্টিক্রিয়া আমগুৰি নগৰৰ ৰাজহুৱা শ্মশান ‘শান্তি বন’তে সম্পন্ন কৰিবলৈ যো–জা কৰাৰ কথা জানিব পাৰি আজি পুৱাৰে পৰা শ্মশানৰ নিচেই সমীপতে বসবাস কৰা পৰিয়ালসমূহৰ লোকৰ লগতে স্থানীয় ৰাইজেও প্রশাসনৰ এনে কার্যৰ প্রতিবাদত শ্মশানলৈ যোৱা পথটোত বাঁহ বান্ধি উক্ত শ্মশানত ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ মৃত্যুবৰণ কৰা লোকক সৎকাৰ কৰাৰ পৰা বিৰত থাকিবলৈ দাবী জনায়৷

স্মর্তব্য যে আমগুৰি সমষ্টিৰ প্রাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্রাক্তন মন্ত্রী প্রয়াত অঞ্জন দত্তই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ গুৰুতৰ সমস্যালৈ লক্ষ্য ৰাখি তেওঁৰ প্রতিনিধিত্বৰ সময়তে উজনি অসমৰ ভিতৰতে লেখত ল’বলগীয়াকৈ সকলো সুবিধাযুক্ত আৰু সর্বাংগসুন্দৰকৈ আমগুৰি নগৰৰ ২নং ৱার্ডত জাঁজী নৈৰ কাষত শ্মশানখন নির্মাণৰ ব্যৱস্থা কৰিছিল৷ তেতিয়াৰে পৰা অঞ্চলটোৰ বিশেষকৈ আমগুৰি নগৰৰ লগতে নগৰৰ সমীপৱর্তী লোকসকলৰ কোনো মৃত ব্যক্তিৰ সৎকাৰৰ ক্ষেত্রত যথেষ্ট সুবিধা লাভ কৰি আহিছে৷ তেনে ক্ষেত্রত ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা লোকক এই শ্মশানখনত সৎকাৰ কৰিলে ঘন জনবসতিপূর্ণ স্থানীয় লোকৰ লগতে নগৰৰ অন্য কোনো লোকৰ মৃত্যু হ’লে উক্ত শ্মশানলৈ যাব নেকি বুলি প্রতিবাদী ৰাইজে প্রশাসনক প্রশ্ণ কৰিছে৷ তেনে ক্ষেত্রত সাধাৰণ ৰাইজৰ অসুবিধালৈ লক্ষ্য নকৰি প্রশাসনে এনে কার্য কৰিবলৈ লোৱাত উপায়হীন হৈ ক্ষুব্ধ ৰাইজে শ্মশানৰ পথ বন্ধ কৰি প্রশাসনৰ বিৰুদ্ধে যুদ্ধংদেহি মনোভাবেৰে প্রতিবাদত নামি পৰে৷

তাৎপর্যপূর্ণ যে আমগুৰি অঞ্চলৰ ৮খন চাহ বাগিচাতে এখনকৈ ৰাজহুৱা শ্মশান থকাৰ উপৰি বাগিচাৰ বিভিন্ন অঞ্চলত জনশূন্য মুকলি চৰকাৰী ভূমি থকা সত্ত্বেও আমগুৰি নগৰৰ মাজত ঘন জনবসতিপূর্ণ ঠাইত প্রশাসনে এই কার্য কৰিবলৈ লোৱাত ৰাইজৰ বাধাৰ সন্মুখীন হৈ অৱশেষত ক’ভড–১৯ত মৃত্যু হোৱা মণিকা ভূমিজৰ মৃতদেহ হালোৱাটিঙত সৎকাৰ কৰাৰ ব্যৱস্থা কৰে বুলি প্রকাশ৷

You might also like