নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ গুৱাহাটী মহানগৰীত ক’ভিড–১৯এ সৃষ্টি কৰা ভয়াৱহ পৰিৱেশৰ পৰিপ্রেক্ষিতত বলৱৎ হৈ থকা লকডাউন পুনৰ এসপ্তাহলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ সেই অনুসৰি আজি পুৱা ৬ বজাৰ পৰা ১৯ জুলাইৰ সন্ধিয়া ৭ বজালৈ এই লকডাউন অব্যাহত থাকিব৷ ইয়াৰ পূর্বে আজি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লকডাউন বৃদ্ধিৰ বাবে স্বাস্থ্য বিভাগে ৰাজ্য চৰকাৰক পৰামর্শ দিয়াৰ কথা উল্লেখ কৰে৷ জনতা ভৱনত এখন সংবাদ মেলত মন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয় যে কালি জিলা প্রশাসন, স্বাস্থ্য বিভাগ আৰু গুৱাহাটী নাগৰিক সমাজৰ মাজত হোৱা বৈঠকত নাগৰিক সমাজে গুৱাহাটীত পুনৰ দুসপ্তাহৰ বাবে লকডাউন বিচাৰিছিল যদিও গুৱাহাটীৰ পৰিৱেশ স্বাস্থ্য বিভাগে এসপ্তাহ লকডাউনৰ জৰিয়তে নিয়ন্ত্রণ কৰিব পাৰিব বুলি মুখ্যমন্ত্রী আৰু মুখ্য সচিবক পৰামর্শ প্রদান কৰিছে৷ সেইমর্মে স্বাস্থ্য বিভাগে দুসপ্তাহৰ পৰিৱর্তে এসপ্তাহৰ বাবেহে লকডাউনৰ পোষকতা কৰিছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা এই মন্তব্যৰ পাছতেই ৰাজ্য চৰকাৰে পুনৰ এসপ্তাহৰ বাবে মহানগৰীত আনুষ্ঠানিক লকডাউনৰ কথা ঘোষণা কৰে৷
লকডাউনৰ এই সময়ছোৱাত সকলো ব্যক্তিৰ চলাচল সম্পূর্ণৰূপে নিষেধ কৰা হৈছে৷ সকলো ব্যক্তিগত যান–বাহন বন্ধ কৰা হৈছে৷ চিকিৎসাৰ দৰে জৰুৰী অৱস্থাক বাদ দি কোনোধৰণৰ ব্যক্তিগত দুচকীয়া বা চাৰিচকীয়া বাহন চলাচল কৰিব নোৱাৰিব৷ আনহাতে, এই সময়ছোৱাত সকলো ধৰণৰ ব্যৱসায়িক–বাণিজ্যিক্ প্রতিষ্ঠান, দোকান, ব্যৱসায়িক কাম–কাজ বন্ধ থাকিব৷ কেৱল অকলশৰে থকা গেলামাল আৰু মানুহৰ পৰিষ্কাৰ–পৰিচ্ছন্ন বাবে প্রয়োজনীয় সামগ্রী বিক্রী কৰা ষ্টেচনাৰী দোকান সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ খুলিব পাৰিব৷ অবিৰত সংশোধন উদ্যোগৰ বাহিৰে সকলো ঔদ্যোগিক প্রতিষ্ঠান বন্ধ থাকিব৷ অবিৰত সংশোধন উদ্যোগসমূহৰ কর্মীসকলে লকডাউনৰ সময়ছোৱাত উদ্যোগৰ চৌহদতে থাকিব লাগিব৷ চৌহদৰ বাহিৰলৈ, ভিতৰলৈ চলাচলৰ অনুমতি নাথাকিব৷ লকডাউনৰ এই সময়ছোৱাত কিছু অংশত ৰেহাই দিয়া হৈছে৷ সেইমর্মে চিকিৎসালয় আৰু ফার্মাচী তথা চিকিৎসাৰ সা–সঁজুলি যোগান ধৰা কাম–কাজসহ খুচুৰা প্রতিষ্ঠান খোলাৰ অনুমতি প্রদান কৰা হৈছে৷ কিন্তু এইসমূহত ২০ শতাংশৰ অধিক কর্মচাৰী থাকিব নোৱাৰিব৷ আনহাতে, সপ্তাহৰ ৫ দিন অর্থাৎ সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈ ঘৰে ঘৰে গৈ খুচুৰা বিক্রেতাই শাক–পাচলি, ফলমূল বিক্রী কৰিব পাৰিব৷ জিলা প্রশাসনে এই ব্যৱসায়ীসকলক নির্ধাৰিত এলেকাত বাহনেৰে সামগ্রী বিক্রীৰ অনুমতি দিব৷ সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ আটা মিলসমূহত কাম–কাজ চলিব পাৰিব৷ ইফালে এই লকডাউনৰ সময়ছোৱাত বয়সস্থ লোকসকল যাতে সমস্যাৰ সন্মুখীন নহয়, তাৰ বাবে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কামৰূপ জিলাৰ উপায়ুক্তক ঘৰতে থকা বৃদ্ধ নাগৰিকক, ৰোগত আক্রান্ত হৈ থকা লোকসকলক চিনাক্ত কৰি তেওঁলোকৰ যতন লোৱাৰ ব্যৱস্থা কৰাৰ বাবে নির্দেশ দিছে৷ আনহাতে, লকডাউনৰ এই সময়ছোৱাত গাখীৰ যোগান, পানী যোগান সকলো দিনৰ বাবে খোলা ৰখা হৈছে৷ চাহ উদ্যোগৰ লগত জড়িত সকলো প্রতিষ্ঠান সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা ৰাখিব পাৰিব৷
গুৱাহাটীৰ চাহ নিলাম কেন্দ্রত ২০ শতাংশ লোকেৰে কাম–কাজ চলোৱাৰ নির্দেশ দিয়া হৈছে৷ বেংক, বীমা প্রতিষ্ঠানসমূহ ১০ শতাংশ লোকেৰে পৰিচালিত হ’ব৷ এই সময়ছোৱাত এ টি এম সম্পূর্ণৰূপে খোলা থাকিব৷ ছপা, বৈদ্যুতিন মাধ্যমৰ কাম–কাজ এই সময়ছোৱাত অব্যাহত থাকিব আৰু বাতৰিকাকত বিতৰণ প্রক্রিয়াও অব্যাহত থাকিব৷ আন্তঃজিলা পৰিবহণ ব্যৱস্থা সম্পূর্ণৰূপে বন্ধ ৰখা হৈছে৷ অৱশ্যে গুৱাহাটীলৈ ৰে’লেৰে অহা লোকসকলে টিকট প্রদর্শন কৰি অহা–যোৱা কৰিব পাৰিব৷ এই সময়ছোৱাত পূর্বৰ দৰেই বেচৰকাৰী প্রতিষ্ঠান, শিক্ষানুষ্ঠান, ক’চিং চেণ্টাৰ আদি সম্পূর্ণৰূপে বন্ধ থাকিব৷ কোনো ধৰণৰ সামাজিক, ধর্মীয়, বিনোদন, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব৷ মৃতকৰ সৎকাৰৰ ক্ষেত্রত সর্বাধিক ২০জন লোকহে উপস্থিত থাকিব পাৰিব৷