নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি ত্যাগ কৰিব বিধায়ক শিলাদিত্য দেৱে

নিয়মীয়া বার্তা, ১৩ জুলাইঃ  বহু বিতর্কিত মন্তব্যৰে সংবাদ শিৰোনামত থকা হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে দল ত্যাগৰ সিদ্ধান্ত লৈছে৷ ক’ভিড–১৯এ পৰিৱেশ জটিল কৰি থকাৰ সময়তে শিলাদিত্য দেৱে দেওবাৰে বিজেপি এৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰা বিষয়টোৱে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়া৷

উল্লেখ্য যে দলৰ কেইবাটাও সিদ্ধান্তক লৈ যোৱা দীর্ঘদিন ধৰি অসন্তুষ্ট হৈ থকা শিলাদিত্য দেৱে শেহতীয়াকৈ কান্ধত মোনা লৈ ফুৰা বিজেপিৰ এজন নেতাক লৈ যথেষ্ট সৰৱ হৈছিল৷ কালি হোজাইত জোৰাপুখুৰীৰ বাসভৱনত এখন সংবাদ মেলৰ আয়োজন কৰি বিধায়কজনে দল ত্যাগৰ কথা ঘোষণা কৰে৷ বিধায়কজনৰ মন্তব্য– এই মুহূর্তত মোক ৰাজনৈতিকভাৱে হত্যা কৰাৰ প্রচেষ্টা আৰম্ভ হৈছে৷ হত্যাৰ সন্মুখীন হোৱাতকৈ মই স–সন্মানে দলৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈছোঁ৷ বিজেপিৰ পৰা পদত্যাগ কৰিলেও আন কোনো দলত মই যোগদান নকৰোঁ৷ অহা ৮ মাহ মই বিধায়ক হিচাপে ৰাইজৰ কাম কৰি যাম৷ বিধায়ক শিলাদিত্য দেৱে নিজৰ অসন্তুষ্টিত সকলো বিষয় লিপিবদ্ধ কৰি ইতিমধ্যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু ‘নেডা’ৰ আহ্বায়ক তথা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ পত্র প্রেৰণ কৰিছে৷ অহা ১৪ জুলাইত তেওঁ আনুষ্ঠানিকভাৱে দলৰ পৰা পদত্যাগ কৰিব৷

উল্লেখ্য যে যোৱা দীর্ঘদিন ধৰি দলৰ কেইবাটাও বিষয়ত অসন্তুষ্টি প্রকাশ কৰি অহা বিধায়ক শিলাদিত্য দেৱে শেহতীয়াকৈ হোজাই জিলা সভাপতিৰ বিৰুদ্ধেও এলানি অভিযোগ উত্থাপন কৰিছে৷ যাক লৈ বিজেপিৰ শীর্ষ নেতৃত্বৰ অসন্তুষ্টিৰ সন্মুখীন হৈছিল বিধায়কজন৷ আনকি তেওঁৰ অসন্তুষ্টিক লৈ সাংসদ দিলীপ শইকীয়াক সমগ্র বিষয়টো পর্যালোচনা কৰিবলৈ দায়িত্ব দিয়া হৈছিল৷ সাংসদ শইকীয়াই এইক্ষেত্রত বিধায়কজনক আশ্বস্ত কৰিবলৈ সক্ষম নহ’ল৷ সমগ্র বিষয়টোক লৈয়ে পদত্যাগৰ সিদ্ধান্ত লোৱা বিধায়ক শিলাদিত্য দেৱৰ পদত্যাগৰ ক্ষেত্রত ৰাজ্যিক বিজেপিৰ নেতৃত্বই কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হৈ পৰিছে৷

You might also like