সুখবৰঃ ধেমাজিৰ পবা সংৰক্ষিত বনাঞ্চল উন্নীত হ’ব বন্যপ্ৰাণী অভয়াৰণ্যলৈ
নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ অসম তথা ধেমাজি জিলাৰ জৈৱ-বৈচিত্ৰতাৰ অন্যতম প্ৰাণকেন্দ্ৰ পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰা হ’ব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জোনাইত ধেমাজি, লখিমপুৰ আৰু মাজুলীৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে অনুষ্ঠিত বৈঠকত এই কথা ঘোষণা কৰে।
তদুপৰি, বৈঠকত মুখ্যমন্ত্ৰীয়ে জিলাকেইখনৰ বান, গৰাখহনীয়া আৰু ক’ভিড-১৯ পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু বানাক্ৰান্ত অঞ্চলসমূহৰ মথাউৰিৰ মেৰামতিৰ কাম যুদ্ধকালীন তৎপৰতাৰে সম্পন্ন কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে। লগতে, আশ্ৰয় শিবিৰসমূহত ৰোগ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যাৱতীয় সকলো পদক্ষেপ ল’বলৈও তেখেতে নিৰ্দেশ প্ৰদান কৰে।
CM Shri @sarbanandsonwal announced upgradation of the Poba Reserve Forest in Dhemaji to a Wildlife Sanctuary in a meeting with senior officials of Lakhimpur, Dhemaji and Majuli districts at Jonai.
The CM was reviewing the flood, erosion & #COVID19 situation of the districts. pic.twitter.com/iB5qaVCVLO
— Chief Minister Assam (@CMOfficeAssam) July 14, 2020