লোক জনশক্তি পাৰ্টীৰ অসম ৰাজ্যিক সমিতি সম্পাদক পদত নিযুক্ত মাধৱ দাস
নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানৰ নেতৃত্বত গঠিত লোক জনশক্তি পাৰ্টী অসম ৰাজ্যিক সমিতিৰ সম্পাদক পদত নিযুক্তি লাভ কৰিছে মাধৱ দাসে । ৰাজ্যিক সমিতিৰ কাৰ্য্যকৰী সভাপতি সোনমণি দাসে মাধৱ দাসলৈ এই নিযুক্তি পত্ৰ প্ৰেৰণ কৰা বুলি জানিবলৈ দিছে।
ইয়াৰ পূৰ্বে তেওঁ ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া ডিব্ৰুগড় জিলাৰ সভাপতি পদত অধিষ্ঠিত আছিল।তেওঁ ৰিপাব্লিকান পাৰ্টীৰ সভাপতিৰ পদ ত্যাগ কৰাৰ লগতে দলৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰে । ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া ৰাজ্যিক সমিতিৰ সভাপতি হিতেশ দেউৰীলৈ তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই নতুন দলটোত যোগদান কৰে ।
ইতিমধ্যে লোক জনশক্তি পাৰ্টীৰ পৰা দুলীয়াজান বিধানসভা সমষ্টিৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ কুচকাৱাজ চলাইছে মাধৱ দাসে ।