নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম এৰি স্বদেশলৈ জাকে জাকে বাংলাদেশী

মাতৃভূমিলৈ পলায়নৰ বাবে অসম-ত্ৰিপুৰা-পশ্চিমবংগ সীমান্তত বাহৰ পাতি আছে হাজাৰ হাজাৰ অবৈধ নাগৰিকেঃ 'ভাৰতীয় অনুপ্ৰৱেশকাৰী'ক ৰুধিবলৈ বিজিবিক কঠোৰ নিৰ্দেশ হাছিনা চৰকাৰৰঃ দহ দিনৰ ভিতৰতে ধৰা পৰিল শিশু-মহিলাসহ ২১৯ জন

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ সীমান্তৰ সিপাৰৰ পৰা অনুপ্ৰৱেশৰে অসমৰ জনগাঁথনি বিঘ্নিত কৰা তথা দেশৰ সাৰ্বভৌমত্ব-অখণ্ডতাৰ প্ৰতি তীব্ৰ ভাবুকিৰ কাৰক হৈ পৰা অবৈধ বাংলাদেশীৰ মাজত এইবাৰ সৃষ্টি হৈছে আতংক । অসমৰ লগতে দেশৰ অন্য স্থানত খোপনি পুতি বহা আতংকিত এনে বহু সন্দেহযুক্ত নাগৰিকে ইতিমধ্যে জাকে জাকে পলায়ন কৰিছে বাংলাদেশলৈ । সীমান্ত অতিক্ৰম কৰাৰ সময়ত বিগত তিনি সপ্তাহৰ ভিতৰত শিশু-মহিলাসহ মুঠ ৩২৩ জন অবৈধ বাংলাদেশী ব’ৰ্ডাৰ গাৰ্ড বাংলাদেশৰ হাতত কৰায়ত্ত হোৱাৰ পাছতে এই কথা পোহৰলৈ আহিছে । হঠাতে অবৈধ বাংলাদেশীসকলৰ মাজত আতংকই বিৰাজ কৰাৰ মূলতেই সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) প্ৰস্তুতকেন্দ্ৰিক তৎপৰতা ।

বিশেষকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত দেশজুৰি এন আৰ চি প্ৰস্তুতৰ আনুষ্ঠানিক ঘোষণা কৰাৰ লগতে অসমতো পুনৰ নতুনকৈ এন আৰ চি প্ৰস্তুত কৰা হ’ব বুলি ঘোষণা কৰে । যাৰ পাছতে সমগ্ৰ দেশজুৰি এন আৰ চিৰ প্ৰস্তুতৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতাই এনে সন্দেহযুক্ত লোকসকলক শংকিত কৰি তুলিছে । এই শংকাৰ বাবেই বহু লোকে ইতিমধ্যে স্বদেশলৈ পলাবলৈ আৰম্ভ কৰিছে । উল্লেখ্য যে সীমান্তত কৰায়ত্ত কৰা ৩২৯ জন বাংলাদেশী লোকৰ ভিতৰত ২১৯ জন লোক যোৱা দহ দিনত ধৰা পৰিছে । লগতে ইয়াৰ ভিতৰত আছে ৬৭ টা শিশু আৰু ৭৮ গৰাকী মহিলা । ইপিনে বাংলাদেশস্থিত সাংবাদিক মৌচম আকনে প্ৰকাশ কৰা মতে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগ সীমান্তত এতিয়াও হাজাৰ হাজাৰ বাংলাদেশীয়ে মাতৃভূমিলৈ যোৱাৰ বাবে আশ্চয় গ্ৰহণ কৰি আছে ।

You might also like