কান্ধত বেগ লোৱা নামনিৰ আৰ এছ এছ নেতাৰ ওপৰতেই নিৰ্ভৰ কৰিব বিজেপিৰ প্ৰাৰ্থিত্ব
- এগৰাকী টিকট প্ৰয়াসীক কেন্দ্ৰ কৰি মাৰ্ঘেৰিটাত ভাইৰেল হৈছে আমোদজনক অডিঅ’
নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ চাহ, কয়লা, কাঠ আৰু বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীয় বিন্যাসৰ বাবে বিখ্যাত তিনিচুকীয়া জিলাৰ অসম- অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী বিস্তৃত এলেকাযুক্ত ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টোটোৰ গুৰুত্বৰ প্ৰতি সকলোৰে দৃষ্টি নিৱদ্ধ হৈ থাকে। কংগ্ৰেছৰ প্ৰয়াত জনপ্ৰতিনিধি কুলবাহাদুৰ চেত্ৰীৰ দীঘলীয়া ৰাজত্বৰ পাছত সুদীৰ্ঘ ১৭ টা বছৰে এসময়ৰ পৰিৱেশ আৰু বন, উদ্যোগ আৰু বাণিজ্য, শক্তি, বিত্ত, গৃহ আদি বিভিন্ন দপ্তৰ লাভ কৰা প্ৰতাপী মন্ত্ৰী তথা বৰ্তমানৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰতিনিধিত্ব কৰি সমষ্টি উন্নয়নৰ নামত বিশেষ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ সৰ্বজন বিদিত। কংগ্ৰেছৰ এই দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাৰ পাছতে, ২০১৬ চনৰ নিৰ্বাচনত ৰাজনীতিত তেনেই নতুন বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাই বিশাল ভোটৰ ব্যৱধানত প্ৰদ্যুৎ বৰদলৈক পৰাস্ত কৰি বিগত চাৰি বছৰে বিধায়ক হিচাপে কৰ্মৰত হৈ আছে।
উক্ত নিৰ্বাচনৰ বাবে ভাস্কৰ শৰ্মাৰ সতে মাৰ্ঘেৰিটাৰে সন্তান, বৰ্তমানৰ জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাইও প্ৰাৰ্থীত্ব লাভৰ আশাত মাৰ্ঘেৰিটাৰ গাঁৱে গাঁৱে সাংগঠনিক তৎপৰতা চলাইছিল। কিন্তু বিজেপি দলে সাংস্কৃতিক কৰ্মী পবিত্ৰ গগৈৰ পৰিৱৰ্তে কয়লাৰ ‘ৰেক’ ব্যৱসায়ৰে জড়িত কিম্বা প্ৰাক্তন আলফা হিচাপে জনাজাত ভাস্কৰ শৰ্মাক টিকট দি মাৰ্ঘেৰিটাৰ পৰা জীকাই নিবলৈ সক্ষম হয়। মাৰ্ঘেৰিটা সমষ্টিবাসীৰ মতে স্বাধীনোত্তৰ কালত প্ৰথম বাৰৰ বাবে বাট- পথ, দলঙকে ধৰি বিদ্যুৎ, আৱাসগৃহ, অনাময় আদি অন্যান্য সা- সুবিধাসমূহৰ মুখ দেখিবলৈ পালে। ৰাজনীতি বিশ্লেষক বিশেষৰ মতেও বিজেপি দলে ভাস্কৰ শৰ্মাৰ দৰে এজন লোকক ভৌগোলিকভাৱে স্পৰ্শকাতৰ সীমান্তীয় সমষ্টিটোৰ চকীদাৰিত্বৰ দায়িত্ব দি ভুল কৰা নাছিল। কিন্তু একাংশই বিধায়ক শৰ্মাৰ বিৰুদ্ধে দলীয় লোকতকৈ ব্যৱসায়ী আৰু এটা বিশেষ জনগোষ্ঠীয় লোকক অগ্ৰাধিকাৰ দিয়াৰ অভিযোগ উত্থাপন কৰিছে। ভাস্কৰ শৰ্মাৰ সমান্তৰালকৈ অসম অলিম্পক সন্থাৰ সম্পাদক তথা অসম যুৱ আৰু ক্ৰীড়া বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰে যেন ইতিমধ্যে প্ৰাৰ্থিত্ব লাভ কতিলেই, তেনে আচৰণেৰে সমষ্টিটোত ঘূৰা- পকা আৰম্ভ কৰি কৰি দিছে। তাৰ সমান্তৰালকৈ চৰ্চা অব্যাহত থকা কেতবোৰ বিষয়ে যুৱ নেতা গৰাকীৰ ৰাজনৈতিক পথটো কণ্টকাকীৰ্ণ কৰি তুলিছে।
কাৰণ, বিজেপি নেতা লক্ষ্য কোঁৱৰ সন্দৰ্ভত ভাইৰেল হৈ পৰা এটা অডিঅ’ ক্লিপে বহু কথাই যেন কৈ গ’ল লক্ষ্য কোঁৱৰৰ অতীত সন্দৰ্ভত। অডিঅ’টোৰ মতে একাংশ বিজেপি কাৰ্যকৰ্তাই লক্ষ্যৰ বিৰুদ্ধে এট’ম বোমাৰ দৰে শক্তিশালী এক বিস্ফোৰক(এগৰাকী মহিলা) সাজু কৰি ৰাখিছে। ইয়াত এগৰাকী ৰাজনৈতিকভাৱে প্ৰভাৱশালী মহিলাৰ কথা কোৱা হৈছে যিগৰাকী মহিলাই ২০১৩ বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত লক্ষ্য কোঁৱৰৰ চৰিত্ৰৰ প্ৰতি আঙুলি টোৱাই সোচ্ছাৰ হৈ পৰিছিল। উক্ত নিৰ্বাচনত মাৰ্ঘেৰিটা জিলা পৰিষদ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁইৰ হাতত বেয়াকৈ পৰাজিত হৈছিল লক্ষ্য কোঁৱৰ। অডিঅ’টোত কোঁৱৰৰ বিৰুদ্ধে কাঠৰ অবৈধ বেহা, ইউ বি আইৰ মাকুম শাখাৰ কাৰেণ্ট একাউণ্ট নম্বৰ ৪৬০ ত আনৰ চহী জালিয়াতি কৰি ধন আহৰণ কৰা আদি কথাও চৰ্চিত হৈছে। একেদৰে আটাছুৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত সংঘটিত কৰা কেতবোৰ কাৰ্যকলাপৰ কথাও সমষ্টিটোত চৰ্চা চলিছে।
ইফালে নামনি অসমৰ কান্ধত বেগ লৈ ফুৰা এজন আৰ্ এছ্ এছ্ নেতাৰ মূল্যাংকন অনুসৰিহে বিজেপিৰ প্ৰাৰ্থিত্ব নিশ্চিত হয় বুলিও এটা নিৰ্ভৰযোগ্য সূত্ৰই তাৎপৰ্যপূৰ্ণভাৱে জানিবলৈ দিয়ে। এতিয়া ২০২১ ৰ নিৰ্বাচনৰ বাবে বিজেপি দলে কাক কাক প্ৰাৰ্থিত্ব প্ৰদান কৰে সেয়া সময়েহে প্ৰমাণ কৰিব। কাৰণ বিজেপি দলে পৰিশেষত কাৰ সপক্ষত টিকট প্ৰদান কৰে তাৰ কোনেও পূৰ্বাভাষ নাপায়। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে বিজেপি দলে সকলো পৰ্যায়ৰ কাৰ্যকৰ্তাক সম গুৰুত্ব দিয়ে। দলে গণতান্ত্ৰিক প্ৰৰ্যায় অনুযায়ী কথাবিলাক বিবেচনা কৰে। তেওঁ বিগত লোকসভা নিৰ্বাচন কালৰ উদ্ধৃতি দি কয় যে ৰাজেন গোহাঁইৰ দৰে কেন্দ্ৰীয় মন্ত্ৰী, ৰমেন ডেকাৰ দৰে ৰাজ্যিক বিজেপিৰ সভাপতি, বিজয়া চক্ৰৱৰ্ত্তীৰ দৰে জ্যেষ্ঠ নেত্ৰী, আৰ্ পি শৰ্মা, কামাখ্যা তাচাৰ দৰে জনগোষ্ঠীয় নেতাকো প্ৰাৰ্থীত্ব প্ৰদানৰ পৰা বিৰত থাকিলে।
আন দলত এনে ঘটনা সংঘটিত হোৱা হ’লে ৫ জন জ্যেষ্ঠ নেতা লগ লাগি এটা নতুন দলেই গঠন কৰিলে হয়। তৎসত্বেও মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাৰ সম্ভাৱনা প্ৰৱল বুলিও তেওঁ কয়। পূৰ্বৰ নিৰ্বাচনৰ দৰে আগন্তুক নিৰ্বাচনত তেওঁৰ মাৰ্ঘেৰিটা আগমন সন্দৰ্ভত প্ৰশ্ন কৰাত পবিত্ৰ মাৰ্ঘেৰিটাই কয়-‘তেনে অৱকাশ অৱধাৰিতভাৱে থাকিব। কাৰণ মই এতিয়া মেছিয়ৰ্ড হৈছো। কোনে জানে, পৰিশেষত ভাস্কৰ- লক্ষ্যৰ মাজত যুঁজখন লাগি থকাৰ মাজতে মোক প্ৰক্ষেপ কৰি দিব পাৰে। কিন্তু এটা কথা ঠিক যে দলে উজনিৰ কোনোবা এটা সমষ্টিত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা উজ্জ্বল। অসমৰ তৃতীয় ৰাজনৈতিক শক্তি প্ৰসঙ্গত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ তাৎপৰ্যপূৰ্ণভাৱে কয় যে বিষয়টো ‘আপোনাৰ নাক কাটি শতিনীৰ যাত্ৰা ভঙ্গ’ কৰাৰ দৰে হৈছে। তেওঁ অৱশ্যে অৰুণজ্যোতি মৰাণৰ ৰাজনৈতিক ভৱিষ্যৎ উজ্জ্বল বুলি কৈ তেওঁৰ প্ৰাৰ্থীত্বই উজনিৰ দুখন জিলাত প্ৰভাৱ পেলাব বুলিও দোহাৰে। যুৱ নেতাৰ আগমন সন্দৰ্ভত আটাছুৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁইৰ বক্তব্য- আমি অৰাজনৈতিক ছাত্ৰ সংগঠন হিচাপে কোনো ৰাজনৈতিক দলকে ৰাজনৈতিক সুবিধা প্ৰাপ্তিৰ দাবী কৰিব নোৱাৰো। কিন্তু দলীয় টিকটপ্ৰাপ্তিৰ পাছত জনগোষ্ঠীয় নেতা হিচাপে আমি অৰুণজ্যোতি মৰাণকেই হওক বা লক্ষ্য কোঁৱৰকেই হওক নৈতিক সমৰ্থন আগবঢ়াম।