নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ বন্যার্তৰ দুর্দশাত ব্যথিত দালাই লামা

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ ৰাজ্যৰ প্রলয়ংকৰী বানে সৃষ্টি কৰা দুর্দশাময় পৰিৱেশত ব্যথিত হৈ পৰিছে আধ্যত্মিক গুৰু দালাই লামা৷ শেহতীয়া বান পৰিস্থিতিক লৈ চিন্তনীয় ধর্মীয় গুৰুজনে টুইটযোগে অসমে সন্মুখীন হোৱা প্রলয়ংকৰী বানৰ বাবে গভীৰ দুখ প্রকাশ কৰি তেওঁৰ উদ্বিগ্ণতাৰ কথা প্রকাশ কৰে৷ টুইটত ধর্মীয় গুৰুজনে কয়– দুর্ভাগ্যজনকভাৱে এই বর্ষত বানে পৰিৱেশ অধিক জটিল কৰি তুলিছে৷ অসমকে ধৰি দেশৰ অন্য প্রান্তত বাৰিষাকালত হোৱা বৰষুণে প্রতিবছৰে ভয়াৱহ ক্ষতি কৰি আহিছে৷ যাৰ বাবে জনসাধাৰণে বছৰৰ পাছত বছৰ ধৰি দুর্ভোগৰ সন্মুখীন হ’বলগীয়া হৈছে৷

দুর্ভাগ্যজনকভাৱে ক’ৰোনা মহামাৰীৰ সংক্রমণৰ লগতে বানে বৃহৎ সমস্যাৰ সৃষ্টি কৰি আহিছে৷ দালাই লামাই দেশৰ বিভিন্ন প্রান্তৰ লগতে অসমত বানত ক্ষতিগ্রস্ত হোৱা লোক আৰু প্রাণহানি হোৱাসকলৰ প্রতি দুখ প্রকাশ কৰাৰ লগতে যিসকলৰ ঘৰ, সা–সম্পত্তি বানত জাহ গৈছে তেওঁলোকৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনোৱা বুলিও টুইটযোগে প্রকাশ কৰিছে৷ ইফালে, দালাই লামাই বান পৰিস্থিতিৰ সময়ত ৰাজ্যবাসীৰ প্রতি দেখুওৱা সহমর্মিতা আৰু একাত্মবোধ প্রকাশ কৰাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি ধর্মীয় গুৰুগৰাকীৰ প্রতি আন্তৰিক কৃতজ্ঞতা প্রকাশ কৰে৷ এক বিবৃতিযোগে মুখ্যমন্ত্রীয়ে কয় যে আধ্যাত্মিক গুৰুগৰাকীয়ে ৰাজ্যখনৰ বিপদকালত অসমবাসীৰ প্রতি প্রকাশ কৰা সহমর্মিতা আৰু একাত্মবোধে এই জটিল পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দি যাবলৈ সকলোৰে মনত সাহস যোগাব৷

ইফালে, অসমৰ বানক লৈ দুখ প্রকাশ কৰিছে ইংলিছ প্রিমিয়াৰ লীগৰ আগশাৰীৰ ফুটবল ক্লাব আর্ছেনাল এফচিয়ে৷ অসমৰ বানাক্রান্তসকলৰ প্রতি সহমর্মিতা প্রকাশ কৰি জনপ্রিয় ফুটবল ক্লাবটোৱে ছ’চিয়েল মিডিয়া, ফেচবুক আৰু ইনষ্টাগ্রামত এটা ভিডি’ শ্বেয়াৰ কৰি তেওঁলোক অসমবাসীৰ লগত আছে বুলি কয়৷ ৫ ছেকেণ্ডৰ ভিডি’টোত ‘উই আৰ উইথ ইউ ষ্টে ষ্ট্রং আছাম’ বুলি এষাৰি বাক্য প্রকাশ কৰিছে৷ আর্ছেনাল ফুটবল ক্লাবৰ ভিডি’টো জনপ্রিয় বলীউডৰ অভিনেতা তথা অসম সন্তান আদিল হুছেইনেও টুইটাৰযোগে শ্বেয়াৰ কৰিছে৷ অভিনেতাগৰাকীয়ে টুইটাৰৰ কেপচনত লিখিছে– অসমৰ জনতাৰ লগত থিয় দি আছে আর্ছেনাল৷ কিন্তু আমাৰ চেলিব্রিটী, ৰাষ্ট্রীয় সংবাদ মাধ্যম তথা ক্রিকেটাৰসকলে অসমৰ বাবে মাত মতা নাই৷ আপোনালোকক লৈ নিৰাশ হৈছোঁ৷ আনহাতে, ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্রীয়েও অসমৰ বান সমস্যাক লৈ উদ্বিগ্ণতা প্রকাশ কৰি টুইট কৰিছে৷

ইফালে, ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী এইচ ডি দেৱেগৌড়াই অসমৰ বান পৰিস্থিতিৰ প্রতি জৰুৰী মনোযোগ দিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় চৰকাৰৰ প্রতি আহ্বান জনাইছে৷ দেৱেগৌড়াই এক বিবৃতিত এইবুলি লিখিছে– অসমত উদয় হোৱা পৰিস্থিতিৰ প্রতি জৰুৰী মনোযোগ দিবলৈ আৰু ৰাজ্য চৰকাৰক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ মই প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় চৰকাৰক আহ্বান জনাইছোঁ৷ দেৱেগৌড়াই বানত মৃত্যুবৰণ কৰা কাজিৰঙাৰ বন্যপ্রাণীৰ প্রতিও সহমর্মিতা প্রকাশ কৰিছে৷

You might also like