বৰঘুলি-ভূৰবন্ধাৰ বান পৰিস্থিতিৰ বুজ ল’লে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই
নিয়মীয়া বার্তা, ১৮ জুলাইঃ নগাওঁ জিলাৰ কলিয়াবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰঘুলিৰ বান পৰিস্থিতিৰ বুজ লয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। মন্ত্ৰী গৰাকীয়ে প্ৰতিনিধিত্ব কৰা কলিয়াবৰৰ বৰঘুলি অঞ্চলত প্ৰতিবছৰৰ দৰে এইবাৰো মে’ মাহৰ পৰাই খহনীয়া আৰু বানৰ কৱলত পৰে ১২০০ পৰিয়াল। বৰঘুলি অঞ্চলত খহনীয়াৰ ফলত বহু লোকে মাটি ভেটি হেৰুৱাই শিলঘাট-ধিং মাথাউৰিত আশ্ৰয় লব লগীয়া হৈছে। কালি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰৰ বৰঘূলি আৰু চামগুৰি ভূৰবন্ধা অঞ্চলৰ বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে খহনীয়াই সৃষ্টি কৰা পৰিস্থিতিৰো বুজ লয়। মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়া সকলক খহনীয়া ৰোধৰ তৎকালীন ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে শিলঘাট- ধিং মথাউৰি আৰু বৰঘুলিৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আৱন্টিত ৪৯ কোটি টকা আৱন্টন হৈছিল । ইয়াৰে জিঅ’ বেগৰ কামৰ বাবে ১৯ কোটি টকা আৱন্টন হৈছিল যদিও খৰাং বতৰত ঠিকাদাৰে কাম নকৰাৰ বাবেই বৰঘুলি অঞ্চলত খহনীয়া তীব্ৰ হৈ পৰিছে বুলি ৰাইজে অভিযোগ কৰিছে।